Congress : ‘জনসংযোগ ঘূৰাই আনিব লাগিব, শ্বর্টকাটত একো নহ’ব,’ চিন্তন শিবিৰত আৰু কি ক’লে ৰাহুলে ?

qafu2rng rahul gandhi

ৰাজস্থানৰ উদয়পুৰত তিনিদিনৰ চিন্তন শিবিৰ । সেই নৱ সংকল্প শিবিৰৰ শেষ পর্যায়ত বক্তব্য ৰিখিলে ৰাহুল গান্ধীয়ে । মানুহৰ স’তে হেৰুৱা জনসংযোগ ঘূৰাই আনিবৰ বাবে তেওঁ কংগ্রেছৰ কর্মী আৰু নেতৃত্বক অনুৰোধ কৰে । তেওঁ স্বীকাৰ কৰে যে, জনসংযোগৰ বিষয়টো একেবাৰে ভাঙি পৰিছে । লগতে পেগাছাছ, জিএছটি ইশ্ব্যুত তেও তুলোধোনা কৰে কেন্দ্রৰ বিজেপি চৰকাৰক ।

চিন্তন শিবিৰত দিয়া ৰাহুল গান্ধীৰ ছটা উক্তি দাঙি ধৰা হ’ল

১. ‘মানুহৰ স’তে আমি জনসংযোগ ঘূৰাই আনিব লাগিব । এইটো যে ভাঙি পৰিছে সেইটো মানি ল’ব লাগিব । ইয়াক শক্তিশালী কৰিব লাগিব । শ্বর্টকাটত একো নহ’ব, কঠিন পৰিশ্রম কৰিব লাগিব ।’

২. ‘কংগ্রেছ কর্মসকলক কৈছো ভয় নাখাব । দেশে সত্যৰ ওপৰত বিশ্বাস কৰে । ম‌ই বাকী জীৱন আপোনালোকৰ স’তে থাকিম ।’

৩. ‘অন্য ৰাজনৈতিক দলে এই ধৰণৰ ভাব বিনিময় মানি ল’ব নেকি ? BJP, RSS‌-এ এই ধৰণৰ আলোচনা কোনো দিন মানি নলয় ।’

৪. ‘অদূৰ ভৱিষ্যতে মূল্যবৃদ্ধি বাঢ়িব । নিবনুৱাও বাঢ়িব ।’

৫. ‘মুকলি আলোচনাক আজি আৰু দেশত অনুমতি দিয়া হোৱা নাই । আমি দেখিছো আলোচনাৰ ডিঙি টিপি হত্যা কৰা হৈছে । ম‌ই নাজানো ইয়াৰ ফলাফল কি হ’ব পাৰে !’

৬. ‘জ্যেষ্ঠ নেতাসকলে আমাক পথ দেখুৱাইছে । কংগ্রেছ দলে কি ভাবিছে, তেওঁলোকৰ অৱস্থান কি, সকলো স্পষ্ট ।’

Exit mobile version