COVID-19 : ক’ভিড আপডেট

54316046 303

বিগত দুদিন ধৰি কৰ’নাত দৈনিক আক্রান্তৰ সংখ্যা দুহেজাৰৰ তলতেই আছে । মঙলবাৰে দৈনিক সংক্রমিতৰ সংখ্যা আছিল ১,৫৬৯ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা সামান্য বাঢ়ি হৈছে ১,৮২৯ । যোৱা ২৪ ঘণ্টাত সুস্থ হৈছে ২,৫৪৯ জন ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৩ জনৰ । ইয়াৰ ভিতৰত কেৰালাতেই ৩১ জনৰ মৃত্যু হৈছে আৰু ৰাজধানীত মৃত দুজন। বর্তমান ক’ভিড আক্রান্ত হৈ দেশত মুঠ মৃত্যুৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৪ হেজাৰ ২৯৩ জন ।

এতিয়াও দৈনিক সংক্রমণৰ শীর্ষত আছে দিল্লী । বিগত ২৪ ঘণ্টাত দিল্লীত আক্রান্ত হৈছে ৩৯৩ জন । ইয়াৰ পাছতে আছে কেৰালা (৩২৪), হৰিয়ানা (২৭৫), মহাৰাষ্ট্র (২৬৬) । আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ সম্প্ৰতি ক’ভিডমুক্ত । সমগ্ৰ দেশতে এই পর্যন্ত ১৯১ কোটি ৬৫ লাখ ৭৭০ টিকাকৰণ হৈছে ।

Exit mobile version