সন্ত্ৰাসবাদীক অর্থসাহায্যৰ অভিযোগ, বিচ্ছিন্নতাবাদী নেতা ইয়াছিন মালিকক দোষী সাব্যস্ত কৰিলে আদালতে

1044097 yasin malik 1

সন্ত্রাসবাদীসকলক সহায় আৰু অর্থসাহায্য কৰাৰ গোচৰত বিচ্ছিন্নতাবাদী নেতা ইয়াছিন মালিকক দোষী সাব্যস্ত কৰিলে দিল্লীৰ বিশেষ এনআইএ (NIA) আদালতে । সূত্রৰ খবৰ, ইয়াছিন মালিকে সন্ত্ৰাসবাদীসকলক সহায় কৰাৰ কথা স্বীকাৰ কৰিছে । সেই স্বীকাৰোক্তিৰ ভিত্তিতেই বিচ্ছিন্নতাবাদী নেতাজনক দোষী সাব্যস্ত কৰা হ’ল । অহা ২৫ মে’ত গোচৰৰ পৰৱর্তী শুনানি । সেই দিনাই ইয়াছিন মালিকৰ শাস্তিৰ পৰিমাণ জনোৱা হ’ব ।

বহুদিন ধৰি জম্মু আৰু কাশ্মীৰৰ বিভিন্ন স্থানত বিচ্ছিন্নতাবাদী কাৰ্য চলোৱা আৰু সেয়া প্রচাৰ কৰাৰ অভিযোগ আছে জম্মু কাশ্মীৰ লিবাৰেছন ফ্রন্টৰ নেতা ইয়াছিন মালিকৰ (Yasin Malik) বিৰুদ্ধে । সেয়ে একাধিকবাৰ গৃহবন্দীও কৰি ৰখা হয় তেওঁক । ইয়াছিনৰ সংগঠন জম্মু-কাশ্মীৰ লিবাৰেছন ফ্রন্টক (JKLF) আগতেই নিষিদ্ধ ঘোষণা কৰিছে কেন্দ্রীয় চৰকাৰে । দুবছৰ আগতেই তেওঁক সন্ত্ৰাসবাদীক সহায় কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰে এনআইএ-য়ে । তাৰ পাছৰ পৰা কাৰাগাৰতেই আছিল ইয়াছিন ।

এনআইএ (NIA) সূত্রে খবৰ, আদালতত নিজৰ দোষ স্বীকাৰ কৰিছে এই বিচ্ছিন্নতাবাদী নেতাজনে । দোষী সাব্যস্ত কৰাৰ লগতে বিশেষ এনআইএ ন্যায়ালয়ে ইয়াছিনৰ সম্পত্তিৰ পৰিমাণো জানিব বিচাৰিছে । ইয়াছিনক কোৱা হৈছে, গোচৰৰ পৰৱর্তী শুনানিৰ আগতে তেওঁৰ সম্পত্তিৰ হিচাপ-নিকাচ হলফনামা আকাৰত জমা দিব লাগিব । এনআইএ-কো কোৱা হৈছে ইয়াছিনৰ সম্পত্তিৰ পৰিমাণৰ বিষয়ে জনাবলৈ । সম্পত্তিৰ পৰিমাৰ ভিত্তিতেই তেওঁৰ জৰিমনাৰ অংক নিৰ্ধাৰণ হ’ব ।

প্রসংগত ২০১৯ত পুলৱামা আক্ৰমণৰ পাছত উপত্যকাত তদন্তৰ গতি বৃদ্ধি কৰিছে ভালতীয় সেনাই । তেতিয়াই ইয়াছিন মালিকসহ কে’বাজনো বিচ্ছিন্নতাবাদী নেতাই সন্ত্ৰাসবাদী সংগঠনত যোগ দিয়াৰ অভিযোগ প্রকাশ্যত আহে । সেই সময়তেই গ্রেপ্তাৰ হয় ইয়াছিন । ইয়াছিনৰ শাস্তি ঘোষণাৰ দিনা উপত্যকাত অশান্তিৰ শংকা কৰা হৈছে ।

Exit mobile version