এটা পুখুৰীৰ পাৰ “ৰে’ল বিভাগ হায় হায়”, “ৰে’ল বিভাগৰ দুৰ্নীতি নচলিব”, ” সুৰংগ পথ বন্ধ কৰক, অন্যথা বিজ্ঞান সন্মতভাৱে নিৰ্মাণ কৰক” আদি শ্লোগানত কপি উঠিল । পুখুৰী পাৰত এখন গাঁৱৰ পুৰুষ মহিলাই ৰে’ল বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ’ল । পুখুৰীটো দৰাচলতে ৰে’ল বিভাগৰ প্ৰায় কোটি টকা আঁচনিৰ এটা সুৰংগ পথ ।
বৰ্তমান সুৰংগ পথটো এবুকু পানীৰ মাজত । অভিযোগ কোটি টকাৰ সিংহভাগ ধন ঠিকাদাৰ, বিষয়া, ইঞ্জিনিয়াৰৰ পকেটত ভৰাই অবৈজ্ঞানিকভাৱে নিৰ্মাণ কৰিছে সুৰংগ পথসমূহ । উত্তৰ-পূৱ সীমান্ত ৰেলৱে ৰঙিয়া সংমণ্ডলৰ কামাখ্যা যোগীঘোপা ৰে’ল পথৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ২ নম্বৰ ছাটাবাৰী (শালবাৰী)ত থকা সুৰংগ পথত বৰ্তমান এবুকু পানী ।সম্প্ৰতি হাহাকাৰ লাগিছে স্থানীয় ৰাইজৰ মাজত ।
সূত্ৰ অনুসৰি, নিশা বেমাৰী উঠাই অনা আই২০ এখন সুৰংগ পথত আৱদ্ধ হৈ পৰিছিল । প্ৰায় বাহনখন দৰ্জাৰ ওপৰলৈকে পানীত সোমাই পৰে । বাহনখনৰ আৰোহীৰ চিঞৰ তথা লাইটৰ পোহৰত সচকিত স্থানীয় পুৰুষ মহিলা নিৰ্বিশেষে ওলাই আহি বাহনৰ লগতে চালক তথা বেমাৰীগৰাকীক উদ্ধাৰ কৰে । বাহনখনৰ বিস্তৰ ক্ষতি সাধন হয় ।
আজি স্থানীয় ৰাইজে বাহনখনৰ নাম্বাৰ প্লেটখন পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে । আচাৰ্যজনক বিষয় যে, কামাখ্যা যোগীঘোপা পথৰ বকো সমষ্টিৰ লগতে ছয়গাঁও সমষ্টিৰ সুৰংগ পথসমূহ সমান্তৰালভাৱে বাৰিষা শৰালিত পানীৰে উপচি থাকে । ফলত উপায়হীন ৰাইজে উন্মুক্ত ৰে’ল আলিৰে যাতায়ত অব্যাহত ৰাখিছে । দুৰ্ভাগ্যবশতঃ বিগত দিনত উন্মুক্ত ৰে’ল আলিত বহুজনে ৰে’লৰ চেপাত মৃত্যুক আঁকোৱালি লৈছে । একেদৰে ২ নম্বৰ ছাটাবাৰী (সালবাৰী)ত থকা সুৰংগ পথটো বাৰমাহে পানীৰ মাজত থাকে ।
মাথো মাজে মাজে সুৰংগ পথত জমা হোৱা পানী সিঁচি দায় সামৰিছে । সুৰংগ পথেৰে যাতায়ত কৰাৰ ফলত চাৰিচকীয়া বাহনসমূহৰ বিস্তৰ ক্ষতি সাধন হৈ আহিছে । মৰণক শৰণ দি পথাচাৰী অথবা দুচকীয়া বাহনসমূহ উন্মুক্ত ৰে’ল আলিৰে পাৰাপাৰ হ’ব লগা হৈছে । ৰাইজৰ অভিযোগ, নিজৰ ল’ৰা ছোৱালী বিদ্যালয় মহাবিদ্যালয় যাবলৈ উন্মুক্ত ৰে’ল আলিৰে পাৰাপাৰ হ’ব লগা হয় । প্ৰতিটো ক্ষন বিপদৰ আশংকাত থাকিব লগা হয় । বেমাৰীক হাস্পতালত নিবলৈ অথবা ১০৮ এম্বুলেন্স সেৱাৰ পৰাও পথচোৱাৰ বাবে বঞ্চিত হ’ব লগা হয় ।