মাজ আকাশত যান্ত্রিক ত্রুটি, তৎক্ষণাৎ অৱতৰণ কৰা হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান, ক্ষুব্ধ যাত্রীসকল

airport

মাজ আকাশত বিকল ইঞ্জিন । ফলত উৰন আৰম্ভ কৰাৰ ২৭ মিনিট পাছতেই ইমার্জেন্সি অৱতৰণ কৰিবলগীয়া হ’ল এয়াৰ ইণ্ডিয়াৰ এখন বিমানে । অৱশেষত অন্য বিমানত গন্তব্য স্থানলৈ নিয়া হ’ল যাত্রীসকলক ।

সম্প্রতি টাটা গ্রুপ ক্ৰয় কৰিছে এয়াৰ ইণ্ডিয়া । সেই বিমান সংস্থাৰ মুখপাত্রই এই সমস্যাৰ কথা স্বীকাৰ কৰি জনায়, বৃহস্পতিবাৰে এ৩২০ নিও বিমানখন বেংগালুৰু উদ্দেশ্যি ৰাওনা হয় মুম্বাইৰ পৰা । কিন্তু মাজ আকাশতেই প্রযুক্তিগত ত্রুটিৰ বাবে এয়াৰবাছৰ ইঞ্জিন বন্ধ হৈ যায় ।

তাৰ পাছতেই ২৭ মিনিটৰ ভিতৰতেই পুনৰ মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে । পাছত যাত্রীসকলক বেংগালুৰুত নিবৰ বাবে অন্য বিমানৰ ব্যৱস্থা কৰা হয় । যান্ত্রিক ত্রুটিৰ বাবে যে বিমানখন উভতাই অনা হৈছিল, সেয়া আজি নিশ্চিত কৰা হয় বিমান সংস্থাৰ তৰফৰ পৰা ।

সমগ্ৰ ঘটনাত বিৰক্ত যাত্রীসকলে এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে । কিয় এনে ঘটনা সংঘটিত হ’ল, সেয়া পৰ্যবেক্ষণ কৰিবলৈ ডিজিচিএ-ৰ তৰফৰ পৰা তদন্তৰ নির্দেশ দিয়া হৈছে বুলি খবৰ । লগতে এই বিমানৰ পাইলটক সতর্ক কৰা হৈছে ।

Exit mobile version