ঘৰৰ সন্মুখৰ খালত পৰি শিশুৰ মৃত্যু

Screenshot 372

দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত অফিচ বজাৰত ঘৰৰ সন্মুখৰ খালত পৰি এটি শিশুৰ সলিল সমাধি হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । প্ৰাপ্ত তথ্য মতে, আজি পুৱা প্ৰায় ন বজাত জাহানুল হকে বেছিমাৰীলৈ যোৱাৰ সময়ত ৰিফান জিহাদ নামৰ ১৪ মহীয়া শিশুটিয়ে পিছে পিছে যায় । তেনেতে পিতৃয়ে পত্নীক সন্তানটিক চম্ভালিবলৈ কৈ গৃহ ত্যাগ কৰে ৷

ইপিনে, মাক তৎক্ষণাত আহি নোপোৱাত শিশুটিয়ে এখোজ দুখোজকৈ আগবাঢ়ি গৈ পদপথৰ কাষতে থকা খালত পৰে । অলপ পাছতে মাকে শিশুটিক ঘৰত বিচাৰি নোপোৱাত বাহিৰত আহি দেখে যে শিশুটি ওচৰৰে খালত থকা পানীত উপঙি আছে ।

পানীৰ পৰা লগে লগে উঠায় যদিও শিশুটিয়ে ইতিমধ্যেই প্ৰাণ ত্যাগ কৰিছে ৷ এই খবৰ প্ৰচাৰ হোৱাৰ মাত্ৰকে সমগ্ৰ অঞ্চটোতে হুৱা-দোৱা লাগে ৷ কণমাণিটিৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । পিতৃ-মাতৃৰ অৱহেলাৰ বাবেই শিশুটিয়ে মৃত্যুক সাৱটি ল’বলগা হ’ল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷

Exit mobile version