ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ত খাদ্যৰ নামত পুখুৰীৰ পানী খোৱাৰ অভিযোগ

খাদ্যত ওলাইছে মাখি-জোক-কেৰেলুৱা, তদন্তৰ দাবী আছু-এজেৱাইচিপিৰ

WhatsApp Image 2022 05 25 at 6.07.32 PM

ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যায়লত খাদ্যৰ নামত ছাত্ৰ-ছাত্ৰীক খোৱাইছে লেতেৰা পানী । খাদ্যত ওলাইছে মাখি, জোক, কেৰেলুৱা । বৰবিহৰূপী খাদ্য খোৱাৰ অভিযোগ ৰিছে ছাত্ৰ-ছাত্ৰীয়ে ।

উল্লেখ্য, ইতিমধ্যে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যায়ত কদৰ্যময় পৰিৱেশত ছাত্ৰ-ছাত্ৰীক আহাৰ খোৱাই আহিছে । খোৱা আহাৰত ওলাইছে মাখি, জোক, কেৰেলুৱা, পিন ইত্যাদি । ফেচবুকত ভাইৰেল হৈ পৰিছে এই ছবি । ফেচবুকৰ পোষ্টৰ পাছতে তোলপাৰ লাগিছে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ত ।

প’ষ্টটো লাভ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে । ইয়াৰ উপৰি প’ষ্টটোত আছে মহাবিদ্যালয়খনত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত নূন্যতম সুবিধাও নথকাৰ কথা । প’ষ্টটোৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকৰ মাজতো হাহাকাৰ লাগিছে ।

এই‌ ক্ষেত্ৰত কালি ধেমাজি জিলা ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ স্থানীয় বিষয়ববীয়াই গৈ পৰিৱেশৰ বুজ লয় । ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে সংবাদ মাধ্যমৰ আগত কয় যে ‘বহু প্ৰতীক্ষাৰ অন্তত ধেমাজিত অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন হৈছে । ধেমাজি ৰাইজৰ দাবী মৰ্মে ২০২০ৰ পৰা আৰম্ভ হৈছে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম-কাজ আৰু পাঠদান । এতিয়াও পূৰঠ হোৱাই নাই মহাবিদ্যালয়ৰ আন্তঃগাঁথনি ।

ছাত্ৰ-ছাত্ৰীৰ বাবে কাৰিকৰী শিক্ষাৰ পৰা ইন্টাৰনেটলৈ, লাইব্ৰেৰীৰ পৰা খেলপথাৰলৈ আৰু যাতায়ত-যোগাযোগৰ ক্ষেত্ৰটো পৰ্যাপ্ত সুবিধা লাভ কৰা নাই আঢ়ৈ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে । এনে সময়তে ইঞ্জিনিয়াৰিং পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ পৰা তিনি হেজাৰ টকাকৈ লোৱাৰ পাছতো অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক বৰবিহ ঢালিবলৈ চেষ্টা কৰা কাৰ্য অসহনীয় বুলি আখ্যা ছাত্ৰ সন্থাৰ ।

এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে ছাত্ৰ সন্থাই । লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা গোবিন তামুলীৰ নেতৃত্বত যোৱা দলেও শীঘ্ৰে এই সমগ্ৰ কাণ্ডৰ ওপৰত তদন্ত বিচাৰি দোষীক শাস্তি  বিহিবলৈ দাবী জনাইছে ।

Exit mobile version