দেশত মহিলাৰ কৰ্মসংস্থাপনৰ শীৰ্ষত পশ্চিমবংগ, দ্বিতীয় গুজৰাট

working women

দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক মহিলাক কৰ্মসংস্থাপন প্ৰদান কৰি অভিলেখ ৰচিলে মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ‌ই । চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমিৰ কেন্দ্ৰীয় প্ৰতিবেদনৰ তথ্য অনুসৰি বিগত পাঁচ বছৰৰ তথ্য বিশ্লেষণ কৰি পশ্চিমবংগক এই স্বীকৃতি দিয়া হৈছে ।

দেশত যেতিয়া জানুৱাৰীৰ পৰা এপ্ৰিল ২০২২ত ১.২১ কোটি মহিলা কৰ্মচ্যুত হৈছিল, সেই সময়ত বাংলাত কৰ্মসংস্থাপন লাভ কৰিছিল ৪৩.৭১ লাখ মহিলাই । পাঁচ বছৰ পূৰ্বে পশ্চিমবংগত ৩৩.২২ লাখ মহিলাই চাকৰি লাভ কৰিছিল আৰু সেয়া বৰ্তমানে ৪৩.৭১ লাখলৈ বৃদ্ধি পালে ।

২০২১ৰ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈকে পশ্চিমবংগত মহিলাৰ কৰ্মসংস্থাপনৰ পৰিসংখ্যা আছিল ৪৩.২১ লাখ । জানুৱাৰীৰ পৰা এপ্ৰিল ২০২২ত মহিলাৰ কৰ্মসংস্থাপনৰ সংখ্যা ৰাজ্যখনত ৪৩.৭১ লাখলৈ বৃদ্ধি পালে । মহিলাৰ কৰ্মসংস্থাপনৰ নিৰিখত পশ্চিমবংগ‌ই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে গুজৰাটে এই তালিকাত দ্বিতীয় স্থান দখল কৰিছে ।

যোৱা পাঁচ বছৰত গুজৰাটত মহিলাৰ কৰ্মসংস্থাপন ৮.৬৭ লাখ বৃদ্ধি পাইছে । আনহাতে, মহিলাক কৰ্মসংস্থাপন প্ৰদানৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে তেলেংগানা । এই ৰাজ্যত বিগত পাঁচ বছৰত মহিলাৰ কৰ্মসংস্থাপন বৃদ্ধিৰ হাৰ হৈছে ২.০২ লাখ । যোৱা বছৰত মহিলাৰ কৰ্মসংস্থাপন সৰ্বাধিক হ্ৰাস পালে তামিলনাডুত । ইয়াৰ পাছতে আছে মধ্যপ্ৰদেশ আৰু কৰ্ণাটক ।

Exit mobile version