“পুনৰ কাৰ্বি আংলঙত হ’ব বিজেপি চৰকাৰ’ : মঙ্গলছিং তিমুং

c042adfa 4204 4f6f 94a1 d4d5308ac9e3

সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচনকলৈ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্রতৰ হৈ উঠিছে পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত। কাৰ্বি পৰিষদৰ পৰিষদীয় আঠ নম্বৰ হামৰেন সমষ্টিৰ বিজেপি প্ৰাৰ্থী মঙ্গলছিং তিমুঙে আজি সমষ্টিটোৰ নিজ-ৰংখাং, মালং, ৰংচিন্দন আৰু ৰং-কাৰ্বিত নিৰ্বাচনী প্ৰচাৰ সভা আয়োজন কৰি বিগত সময়চোৱাত বিজেপি চৰকাৰে কৰা কামকাজ, উন্নয়ন আৰু বিকাশ আদিৰ কথা সদৰী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ লগতে ভাষণ প্ৰসংগত “পুনৰ কাৰ্বি আংলঙত বিজেপি চৰকাৰ গঠন হব’ বুলি দাবী কৰে তিমুঙে।

আনহাতে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতাৰ বাবে অৱতীৰ্ণ হোৱা তিমুঙক পুনৰ এবাৰ নিৰ্বাচিত কৰিবলৈ ৰাইজক আহ্বান জনায় যাতে তেওঁ বৰ্তমানত পৰিকল্পনা কৰি ৰখা চৰকাৰী আঁচনিসমূহ ৰূপায়ন, ৰাইজৰ মাজত থকা সমস্যাসমূহ দূৰ কৰিব পাৰে। বিগত কাৰ্যকালতকৈ যাতে আৰু চাৰি গুণ অধিক উন্নয়ন আৰু বিকাশ সাধন কৰিব পাৰে তিমুঙে।

আয়োজিত সভাত হামৰেণ বিজেপি দলৰ প্ৰাৰ্থী মঙ্গলছিং তিমুঙৰ বিপৰীতে হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ’, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে, বীৰেন ৰংহাংঙৰ লগতে মহিলাসকল, দলীয় সমৰ্থক আদি উপস্থিত থাকে।

ইপিনে তিমুঙৰ বিৰুদ্ধে হামৰেণ পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছ প্ৰাৰ্থী ৰূপেশ বে ও পিছ পৰি থকা নাই।ধাৰাবাহিকভাৱে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়েও তীব্র গতিত নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপিক প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হৈছে। তেওঁ বিজেপি দলক আটাইতকৈ সাম্প্ৰদায়িক দল বুলি সমালোচনা কৰাৰ লগতে বিজেপিয়ে ধৰ্মীয়কৰণেৰে শান্তিপূৰ্ণ সমাজখনক বিভাজন কৰি আহিছে বুলি মন্তব্য কৰে।

সমান্তৰালকৈ সমষ্টিটোত এপিএইচএলচি প্ৰাৰ্থী আংটং ইংতি কাথাৰেও প্ৰচাৰ অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে হামৰেণ সমষ্টিত।

Exit mobile version