COVID-19 : ক’ভিড আপডেট

দেশজুৰি দৈনিক আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত সংক্রমিতৰ সংখ্যা সামান্য বাঢ়ি হ’ল ২,৬২৮ । বুধবাৰে এই সংখ্যা আছিল ২,১২৪ । তথ্য অনুযায়ী, বুধবাৰৰ তুলনাত বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ প্রায় ২৪ শতাংশ বাঢ়িছে ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ২,১৬৭ জন ক’ভিডৰ প্রকোপৰ পৰা সুস্থ হৈ উঠিছে । এই পর্যন্ত দেশজুৰি সুস্থ হৈ উঠিছে চাৰি কোটি ২৬ লাখ চাৰি হেজাৰ ৮৮১ জন ।

ভাৰতত দৈনিক সংক্রমণৰ শীর্ষত কেৰালা । বিগত ২৪ ঘণ্টাত কেৰালাত আক্রান্ত ৭৪৭ জন । ইয়াৰ পাছতে মহাৰাষ্ট্র (৪৭০), দিল্লী (৪২৪), আৰু হৰিয়ানা (২৪৫) । দাদৰা আৰু নগৰ হবেলী আৰু দমন আৰু দিউ, ত্রিপুৰা আৰু লক্ষদ্বীপত এই পর্যন্ত ক’ভিডত আক্রান্ত ৰোগীৰ সংখ্যা শূন্য ।

ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা ১৮ । ইয়াৰ ভিতৰত কেৰালাতেই মৃত্যু ১৩ জনৰ । ইয়াৰ উপৰি দিল্লীত চাৰিজন আৰু ৰাজস্থানত এজনৰ মৃত্যু হৈছে ।

পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ দেশত মুঠ মৃত্যুৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৪ হেজাৰ ৫২৫ । বর্তমান দেশজুৰি ১৯২ কোটি ৮২ লাখ তিনি হেজাৰ ৫৫৫ টিকাকৰণ হৈছে ।

Exit mobile version