India Post Payment Bank : তিনিবাৰতকৈ অধিক লেনদেনত লাগিব টকা, ১৫ জুনৰ পৰা নতুন নিয়ম এই বেংকত

download 11

IPPB AePS Charges : ইণ্ডিয়া প’ষ্ট পেমেন্ট বেংকৰ (IPPB) গ্রাহক হ’লে অৱশ্যে জানি ল‌ওক এই গুৰুত্বপূর্ণ বিষয় । অহা ১৫ জুনৰ পৰা বেংকত নতুন নিয়ম কার্যকৰ কৰিব বেংক কর্তৃপক্ষ‌ই । সেই অনুযায়ী ইণ্ডিয়া প’ষ্ট পেমেন্ট বেংক আধাৰ সক্ষম পেমেন্ট ছিষ্টেমত (AePS) লেনদেনত চার্জ কৰাৰ সিদ্ধান্ত লৈছে ৷

India Post Payment Bank : কি বিজ্ঞপ্তি প্রকাশ কৰিছে বেংকে ?

প’ষ্ট অফিচে এটা বিজ্ঞপ্তি জাৰি কৰিছে, য’ত জনোৱা হৈছে ১৫ জুনৰ পৰা AePS লেনদেন কৰিবৰ বাবে গ্রাহকসকলক অতিৰিক্ত চার্জ কৰা হ’ব । এটা নির্দিষ্ট লেনদেনৰ সীমা অতিক্রম কৰিলেই এই অতিৰিক্ত মাছুল দিব লাগিব গ্রাহকসকলে ।

India Post Payment Bank : ক’ত মাছুল দিব লাগিব ?
আইপিপিবি-য়ে তেওঁলোকৰ বিজ্ঞপ্তিত কৈছে, এমাহত তিনিটা AePS লেনদেনত কোনো টকা চার্জ নকৰে বেংকে । অৱশ্যে তিনিটাৰ অধিক লেনদেনত নগদ জমা আৰু টকা তোলিবৰ বাবে আপুনি ২০ টকা মাছুল দিব লাগিব । এই চার্জ জিএছটি চার্জ হিচাপে ‌লোৱা হ’ব । আনহাতে, মিনি ষ্টেটমেন্ট পাবৰ বাবে আপুনি GST হিচাপে অতিৰিক্ত পাঁচ টকা দিব লাগিব ।

নোটিফিকেছনত এই সম্পর্কে তথ্য দিছে ইণ্ডিয়া প’ষ্ট পেমেন্টছ বেংকে (IPPB) । আগন্তুক দিনত চার্জৰ বিষয়ত জানিয়ে লেনদেন কৰিবলৈ কোৱা হৈছে গ্রাহকক ।

AePS সেৱা কি ?

AePS সেৱা হ’ল এটা বেংকিং ভিত্তিক মডেল সেৱা, য’ত আধাৰ পৰীক্ষণৰ মাধ্যমত এটা PoS অর্থাৎ MicroATM-ৰ মাধ্যমত অনলাইন লেনদেন কৰিব পৰা যায় । ই গ্রাহকসকলক মুঠ ছয় প্ৰকাৰৰ লেনদেনৰ সুবিধা দিয়ে ।

India Post Payment Bank : এই বংকিং সুবিধা AePS-ৰ মাধ্যমত পোৱা যায়

মিনি ষ্টেটমেন্ট

টকা জমা

টকা উঠোৱা

বেলেন্স চেক

আধাৰৰ পৰা আধাৰ ফাণ্ড ট্রান্সফাৰ

ভীম আধাৰ পে

Exit mobile version