এসপ্তাহতেই বক্স অফিচত ৯০কোটিৰ ব্যৱসায় ‘ভুল ভুলাইয়া ২’ৰ এইবাৰ আহিব ছবিখনৰ পাৰ্ট থ্ৰী

Bhul

কাৰ্তিক আৰিয়ান, কিয়াৰা আদৱানী অভিনীত ‘ভুল ভুলাইয়া ২’য়ে বক্স অফিচত ভাল ব্যৱসায় কৰিছে । ব্যৱসায়িক পৰিসংখ্যা অনুসৰি, এই ছবিখনে এসপ্তাহত ৯০ কোটিৰ ব্যৱসায় কৰিছে।

কাৰ্তিকৰ অভিনয়ো দৰ্শকে ভাল পাইছে । এই ছবিখনৰ সফলতা দেখি ভূষণ কুমাৰ আৰু মুৰাদ খেতানি চলচ্চিত্ৰখনৰ প্ৰযোজকসকলে ‘ভুল ভুলাইয়া’ৰ আন এটা চিকুৱেল কৰাৰ পৰিকল্পনা কৰিছে । প্ৰযোজক প্ৰতিষ্ঠানটোৱে ইতিমধ্যে ‘ভুল ভুলাইয়া’ ৩ ৰ চিত্ৰনাট্য বিচাৰিবলৈ আৰম্ভ কৰিছে।

কিন্তু কেৱল ভুল ভুলাইয়া চলচ্চিত্ৰৰ চিকুৱেলে নহয়। তথ্য অনুসৰি, শ্বাহিদ কাপুৰ অভিনীত কবীৰ সিঙৰ চিকুৱেলৰ নিৰ্মাণৰ পৰিকল্পনাও চলি আছে।

এক সাক্ষাৎকাৰত ভূষণ কুমাৰে জনাই, অতি শীঘ্ৰেই কবীৰ সিঙৰ চিকুৱেল আহি আছে। কিন্তু প্ৰযোজকৰ সংস্থাই এতিয়াও স্পষ্ট কৰিব পৰা নাই যে এই চলচ্চিত্ৰসমূহত কোনে অভিনয় কৰিব।

টি-চিৰিজৰ দ্বাৰা প্ৰযোজিত, ‘ভুল ভুলাইয়া 2’ পৰিচালনা কৰিছে আনিস বাজমীয়ে। ছবিখন যুটীয়াভাৱে ফাৰহাদ শ্বামজী আৰু আকাশ কৌশিকে লিখিছে।

কাৰ্তিক আৰিয়ানে ছবিখনত মুখ্য ভূমিকা পালন কৰিছে । তেওঁৰ স’তে টাবু, কিয়াৰা আদৱানী, ৰাজপাল যাদৱ আৰু সঞ্জয় মিশ্ৰাৰ দৰে অভিনেতাসকলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

ছবিখন ২০২০ চনৰ ৩১ জুলাইত মুক্তি পোৱাৰ কথা আছিল। কিন্তু কৰ’না পৰিস্থিতিৰ বাবে, শ্বুটিং স্থগিত হৈ পৰিছিল। তাৰ পাছত পুনৰ শ্বুটিং আৰম্ভ সম্পূৰ্ণ কৰি ছবিখন ২০মে’ত মুক্তি দিয়া হয়।

Exit mobile version