সময় যোৱাৰ লগে লগে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী হৈ উঠিছে।তথ্য অনুসৰি,যোৱা এবছৰত, ভাৰতে আমেৰিকাৰ স’তে আটাইতকৈ বেছি ব্যৱসায় কৰিছে। এতিয়ালৈকে, বেইজিং এই তালিকাৰ শীৰ্ষত আছিল ।
ভাৰতে চীনৰ স’তে আটাইতকৈ বেছি ব্যৱসায় কৰিছে। ২০২১-২০২২ বিত্তীয় বৰ্ষত, আমেৰিকাই চীনক অতিক্ৰম কৰিছে। বিশেষজ্ঞসকলৰ মতে, অনাগত দিনত ভাৰত-আমেৰিকা বাণিজ্যিক সম্পৰ্কৰ পৰিসৰ বৃদ্ধি পাব।
বাণিজ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, ভাৰত আৰু আমেৰিকাৰ আমদানি আৰু ৰপ্তানি এবছৰত প্ৰায় তিনি লাখ কোটি টকা বৃদ্ধি পাইছে। ২০২০-২০২১ বিত্তীয় বৰ্ষত, ভাৰতৰ পৰা ৰপ্তানিৰ পৰিমাণ আছিল প্ৰায় চাৰি লাখ কোটি টকা।
ৰপ্তানি এবছৰত সাত হেজাৰ ৬০০ কোটি ডলাৰলৈ বৃদ্ধি হৈছে। আনহাতে, আমেৰিকাৰ পৰা ভাৰতৰ আমদানি এক হেজাৰ ৪০০ কোটি ডলাৰ বৃদ্ধি পাইছে।
পৰিসংখ্যা অনুসৰি, চীনৰ স’তে ভাৰতৰ বাণিজ্যো বৃদ্ধি পাইছে। ভাৰত-চীন আমদানি ৰপ্তানি যোৱা বছৰৰ তুলনাত এক লাখ চাৰি হেজাৰ কোটি টকা বৃদ্ধি হৈছে। অৱশ্যে, চীনৰ পৰা আমদানিৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে, কিন্তু ৰপ্তানিৰ পৰিমাণ হ্ৰাস পাইছে। সেয়েহে, সৰ্বসৰ্বাধিক, আমেৰিকাই ভাৰতৰ স’তে দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসংখ্যাৰ ক্ষেত্ৰত চীনক অতিক্ৰম কৰিছে।
কিছুদিনৰ আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ভাৰতৰ প্ৰশংসা কৰিছিল। ভাৰতে আমেৰিকাৰ স’তে বাণিজ্যত যথেষ্ট আগ্ৰহী, এনেদৰে কয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বিশেষজ্ঞসকলে অনুমান কৰে যে দিল্লী আৰু ৱাশ্বিংটন বাণিজ্যিক সম্পৰ্ক অধিক উন্নত কৰিবলৈ যথেষ্ট সক্ৰিয়।
ফলস্বৰূপে, আমেৰিকাই চীনক অতিক্ৰম কৰিছে। ভাৰতীয় ৰপ্তানি সংস্থাৰ হৈ খালিদ খানে কয়, “প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বাণিজ্যিক সম্পৰ্ক উন্নত কৰাৰ বাবে ভাৰতে আমেৰিকাৰ স’তে হাত মিলাইছে। ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক ৰূপায়ণৰ স’তে, ইণ্ডো-আমেৰিকাৰ বাণিজ্যৰ পৰিমাণ আৰু বৃদ্ধি পাব।”
ভাৰতৰ স’তে বাণিজ্যিক সম্পৰ্কত চীন দ্বিতীয় স্থানত আছে। তৃতীয় স্থানত আছে সংযুক্ত আৰৱ আমিৰশ্বাহি। ইয়াৰ উপৰিও, বাণিজ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি চৌদি আৰৱ, ছিংগাপুৰ, ইৰাণৰ স’তে ভাৰতৰ বাণিজ্যিক সম্পৰ্কও ভাল স্থানত আছে।






























