Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

এক পার্চেন্ট আৰু শূন্য সহনশীলতাৰ শ্ল’গান

প্রাঞ্জলসেন ডেকা

publisher by publisher
May 30, 2022
in Opinion
Reading Time: 1 min read
0
এক পার্চেন্ট আৰু শূন্য সহনশীলতাৰ শ্ল’গান
3
SHARES
25
VIEWS
ShareShareShareShare

কামাল কৰি দিলে ভগৱন্ত মানে। পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণৰ এশদিন নৌহওঁতেই দুৰ্নীতিৰ অভিযোগত নিজৰ স্বাস্থ্যমন্ত্ৰী ডাঃ বিজয় সিংলাক যোৱা মঙলবাৰে বৰ্খাস্ত কৰি এক নতুন দৃষ্টান্ত গঢ়িলে মানে। যোৱা মাৰ্চত ঘোষিত নির্বাচনী ফলাফল অনুসৰি পঞ্জাৱ বিধানসভাৰ ১১৭খন আসনৰ ৯২খনতে জয়লাভ কৰি আম আদমী পার্টিয়ে প্ৰথমবাৰলৈ ৰাজ্যখনত চৰকাৰ গঠনৰ সুযোগ লাভ কৰে।

ADVERTISEMENT

নিৰ্বাচনৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপিত মানে নতুন পঞ্জাৱ নিৰ্মাণৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব বুলি ঘোষণা কৰি আহিছে। নিৰ্বাচনত জয়লাভৰ বাবে ৰাজনৈতিক দল আৰু নেতাসকলে বিভিন্ন প্রতিশ্রুতি দিয়াটো যেনেদৰে এক স্বাভাৱিক প্ৰক্ৰিয়া, তেনেদৰেই ক্ষমতা দখলৰ পাছত সেইবোৰ পাহৰি যোৱাটোও ভাৰতীয় ৰাজনীতিৰ এক পৰম্পৰা।

RelatedPosts

অংক মাথোঁ লাভ-লোকচানৰ

ধুৰন্ধৰৰ শেষ আশ্রয় !

Kejriwal, Atishi and Bhagwant Mann will visit Assam to campaign for the by-elections:উপ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব কেজৰিৱাল, আতিশী, ভগৱন্ত মান

সেয়েহে সচেতন ভোটাৰে তেনে আকাশ কুসুম সদৃশ প্ৰতিশ্ৰুতিক গুৰুত্ব প্ৰদানৰ প্ৰয়োজন অনুভৱ নকৰে; কিন্তু তাৰ মাজতে এক ব্যতিক্ৰম ৰূপে থিয় দিলে মুখ্যমন্ত্রী মানে। সংবাদ মাধ্যম তথা বিৰোধীকে ধৰি কোনো এটি পক্ষই অভিযোগৰ আঙুলি টোওৱাৰ পূৰ্বেই তেওঁ নিজাববীয়া অনুসন্ধান চলাই দুৰ্নীতিৰ অভিযোগত স্বাস্থ্য মন্ত্ৰীজনক বৰ্খাস্ত কৰি প্ৰতিশ্ৰুতি পূৰ্ণৰ ক্ষেত্ৰত দায়ৱদ্ধতাৰ অভূতপূর্ব নিদৰ্শন প্ৰতিষ্ঠা কৰিলে।

অভূতপূর্ব বুলি এই বাবেই কোৱা হৈছে যে এই দেশত দুর্নীতিগ্ৰস্তক ৰক্ষণাবেক্ষণ দিয়াটোহে নিয়ম, শাস্তি প্ৰদান এক বিৰল ব্যতিক্রম। এইবাৰৰ নিৰ্বাচনত পঞ্জাৱত আম আদমী পাৰ্টিৰ ১৩ জনকৈ চিকিৎসক প্রার্থী বিধায়ক নির্বাচিত হয়। ই ৰাজ্যখনৰ স্বাস্থ্যখণ্ডলৈ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত ইতিবাচক আৰু গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশা কৰা হয়; কিয়নো দিল্লীত আম আদমী পাৰ্টিৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ এক মাইলৰ খুঁটিৰূপে চিহ্নিত হৈছে ‘মহল্লা ক্লিনিক’সমূহ।

চুবুৰিয়ে চুবুৰিয়ে এনে স্বাস্থ্যকেন্দ্ৰ খুলি ইয়াৰ জৰিয়তে উন্নত স্বাস্থ্য সেৱা বিনামূলীয়া আৰু সহজলভ্য কৰি তুলি দল আৰু চৰকাৰে ৰাইজৰ বিপুল সমর্থন লাভ কৰি আহিছে। নৱগঠিত পঞ্জাৱ চৰকাৰেও এই ‘মহল্লা ক্লিনিক’ৰ জৰিয়তে স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তনৰ আঁচনি লৈছে আৰু অহা ১৫ আগষ্টৰ পৰা ৭৫খন ‘মহল্লা ক্লিনিক’ আৰম্ভ কৰাৰ লক্ষ্যৰে কাম কৰিছে।

সেই বাবেই দন্ত চিকিৎসক বিজয় সিংলাক প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত হ’লেও গুৰুত্বপূৰ্ণ স্বাস্থ্য বিভাগৰ মন্ত্ৰিত্ব প্ৰদান কৰা হয়; কিন্তু সচৰাচৰ হোৱাৰ দৰেই ডাঃ সিংলায়ো মন্ত্ৰিত্ব লাভৰ পাছত মুখেৰে দুৰ্নীতি বিৰোধী শ’গান দিলেও নিজৰ বিভাগত দুৰ্নীতিৰ পোহাৰ মেলিবলৈ লয়। তেওঁ দুজনকৈ ভাগিনীয়েকক বিশেষ কৰ্তব্যৰত বিষয়াৰূপে নিযুক্তি দি বিভাগত কমিছনৰাজ আৰম্ভ কৰে।

তেওঁৰ দুগৰাকী ভগ্নীৰ এজনকৈ পুত্ৰ ক্ৰমে প্রদীপ কুমাৰ আৰু গিৰীশ কুমাৰক মন্ত্ৰীৰ অ’এছডিৰূপে নিযুক্তি দিয়ে। ইয়াৰে প্ৰদীপ কুমাৰে মন্ত্ৰীৰ সকলো কাম-কাজত সহযোগ কৰি আহিছে। নিৰ্বাচনৰ সময়ৰে পৰা ব্যৱসায়ী প্রদীপ ডাঃ সিংলাৰ সহযোগীৰূপে ৰাজনীতিত সক্ৰিয় হৈ পৰে। স্বাস্থ্য বিভাগৰ নিবিদা, পুঁজি আবণ্টনকে ধৰি সকলো কামত এক শতাংশ কমিছন ধার্য কৰি সংশ্লিষ্টসকলৰ পৰা সেই ধন আদায়ত নামি পৰে অ’এছডি প্রদীপ কুমাৰ।

এই কথা ঘুনুক-ঘানাককৈ মুখ্যমন্ত্ৰী মানৰ কাণত পৰাত তেওঁ ডাঃ সিংলাক মাতি নি এই বিষয়ে সতর্ক কৰি দিয়ে; কিন্তু পৰিস্থিতি সলনি নহ’ল। অৱশেষত গোপনে নিজাববীয়াকৈ অনুসন্ধান কৰি মানে স্বাস্থ্যমন্ত্ৰীজনক বৰ্খাস্ত কৰে। লক্ষ্যণীয় যে এই ঘটনাই বিজেপি-কংগ্ৰেছ প্ৰমুখ্যে বিৰোধী দলসমূহৰ লগতে সংবাদ মাধ্যমকো হতচকিত কৰি তোলে; কিয়নো সাধাৰণতে এই দুটা পক্ষৰ জৰিয়তে দুর্নীতি ফাদিলৰ পাছত যথেষ্ট বাদ-প্রতিবাদ সত্ত্বেও সংশ্লিষ্টসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয়।

দুর্নীতিগ্ৰস্তক ৰক্ষণাবেক্ষণ দিয়াৰ নামতো ৰাজনীতি তথা লেনদেন পৰিলক্ষিত হয়; অথচ তেনে কোনো ঘটনাৰ পূৰ্বেই আৰু আনকি দুৰ্নীতিৰ অভিযোগ ৰাজহুৱা হোৱাৰ পূর্বেই মুখ্যমন্ত্রী মানে স্বাস্থ্যমন্ত্ৰীজনক বৰ্খাস্ত কৰে। ফলস্বৰূপে ইয়াৰ কোনো সুযোগ লোৱাৰ চেষ্টা বাদেই, বিৰোধী দলসমূহ নীৰৱ হৈ থাকিবলৈয়ে বাধ্য হ’ল। অকল সেয়ে নহয়, মন্ত্রীজনক বৰ্খাস্ত কৰাতে ক্ষান্ত নাথাকি তেওঁৰ বিৰুদ্ধে দুর্নীতিবিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰি অ’এছডি প্রদীপ কুমাৰৰ স’তে গ্ৰেপ্তাৰ কৰা হয় ৷

দুয়োকে তিনিদিন আৰক্ষী জিম্মাত ৰাখি বিস্তৃতভাৱে সোধ-পোছৰ অন্তত ন্যায়িক জিম্মাত জেললৈ প্ৰেৰণ কৰা হয়। ডাঃ সিংলাই তেওঁৰ সমুখত দোষ স্বীকাৰ কৰিছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰী মানে কয় যে যিমান শক্তিশালীয়েই নহওক কিয়, কাকো এনে অনিয়ম কৰিবলৈ সুযোগ দিয়া নহ’ব। ৰাজ্যবাসীয়ে দুর্নীতিমুক্ত আৰু স্বচ্ছ প্রশাসন গঢ়ি তোলাৰ আশাৰে তেওঁলোকক নির্বাচিত কৰিছে আৰু সেয়েহে তেওঁ সেই আশা পূৰণৰ বাবে বদ্ধপৰিকৰ বুলিও দোহাৰে।

একেদৰে দলৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে ইচ্ছা কৰিলে মুখ্যমন্ত্রী মানে কথাটো গাপ দি মন্ত্ৰীজনৰ স’তে গোপন বুজাবুজি কৰিব পাৰিলেহেঁতেন; কিয়নো বিৰোধী অথবা সংবাদ মাধ্যম কোনোৱেই ইয়াৰ ভুকে পোৱা নাছিল। তথাপি দায়বদ্ধতাৰ পৰিচয় দি তেওঁ ডাঃ সিংলাক বৰ্খাস্ত কৰিলে। নিজৰ দলৰ সদস্যৰ বিৰুদ্ধে এনেদৰে কঠোৰ ব্যৱস্থা লোৱা ঘটনা এয়াই দেশত প্ৰথম বুলিও তেওঁ দাবী কৰে।

সৰুকৈ ভুমুকি মাৰিলেও ভাৰতীয় ৰাজনীতিত আম আদমী পাৰ্টিয়ে দেশবাসীৰ বহু আকাংক্ষিত এক নতুন ধাৰাৰ সৃষ্টি কৰিব পাৰিব বুলি বহুতেই বিশ্বাস কৰে। কথা আৰু কামৰ সাদৃশ্য ৰক্ষা কৰাটোৱে আজিৰ ৰাজনীতিত সবাতোকৈ জটিল। দিল্লীত শিক্ষা, স্বাস্থ্যকে ধৰি জনসাধাৰণৰ প্ৰয়োজনীয় সেৱাসমূহ উন্নত আৰু সুলভ কৰি তোলাৰ সমান্তৰালভাৱে দুৰ্নীতিমুক্ত প্রশাসন গঢ়ি তুলিবলৈ কেজৰিৱাল চৰকাৰ যে সক্ষম হৈছে তাক অস্বীকাৰ কৰাৰ উপায় নাই।

পদে পদে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰচণ্ড বাধা আৰু হেঁচাৰ পাছতো কেজৰিৱাল চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি গৈছে।দৰাচলতে নেতৃত্বই বিচাৰিলে যে স্বচ্ছ আৰু দুৰ্নীতিমুক্ত চৰকাৰ গঢ়ি তোলাটো সম্ভৱ, আম আদমী পার্টি আৰু ইয়াৰ চৰকাৰেই তাৰ নিদর্শন। সেই বাবেই নুমলীয়া হ’লেও ই বিজেপি-কংগ্ৰেছৰ দৰে শক্তিশালী দলসমূহৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছে।

ৰাজহুৱা হোৱাৰ পূৰ্বেই কেবিনেট মন্ত্ৰী এজনক দুৰ্নীতিৰ অভিযোগত বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰা ঘটনা ইয়াৰ পূৰ্বে ভাৰতত সংঘটিত হোৱা নাই। এনে পৰিপ্ৰেক্ষিতত আকণ্ঠ দুর্নীতিত নিমজ্জিত কংগ্ৰেছ, বিজেপি প্রমুখ্যে অন্যান্য ৰাজনৈতিক দল ৰাইজৰ দ্বাৰা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটোৱে স্বাভাৱিক ।দুর্নীতি-কেলেংকাৰিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বিপৰীতে সাম্প্ৰতিক সময়ছোৱাত ইয়াক ৰাজহুৱা হোৱাৰ পৰা বিৰত কেনেকৈ ৰাখিব পাৰি তাতহে সর্বশক্তি প্ৰয়োগ কৰা হৈছে।

অর্থাৎ দুর্নীতি হৈ থাকক, সেয়া কেৱল সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা হ’ব নালাগে। লক্ষ্যণীয় এয়ে যে অসমতো কেতিয়াবা স্বচ্ছ আৰু নিকা প্রশাসন, কেতিয়াবা দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ শ্ল’গান ৰাজ্যবাসীয়ে শুনি আহিছে। বাস্তৱত কিন্তু দিন যোৱাৰ লগে লগে দুৰ্নীতিও উর্ধ্বমুখী হৈ গৈছে আৰু দুৰ্নীতিগ্ৰস্তসকলেই ওপৰৰ মহলৰ পৃষ্ঠপোষকতা তথা ৰক্ষণাবেক্ষণত অধিক শক্তিশালী হৈছে। নিজাববীয়াকৈ দূৰৰে কথা, ধাৰাবাহিকভাৱে ব্যাপক দুর্নীতিত লিপ্ত হোৱাৰ তথ্য ৰাজহুৱা হোৱাৰ পাছতো বিভিন্ন অজুহাতত অভিযুক্তসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

অধিকাংশ ক্ষেত্ৰতে তদন্তই কৰা হোৱা নাই। ৰাজনৈতিক বাধ্যবাধকতাত পৰি দুই-এটি তেনে ঘটনাত তদন্তৰ নিৰ্দেশ দিয়া হৈছে যদিও সেইবোৰে দুৰ্নীতিৰ নায়কসকলৰ কাষেই চাপিব পৰা নাই; বৰঞ্চ তদন্তৰ নামত আভুৱা ভাঁৰাহে হৈছে। ৮০ দশকৰ শেষ আৰু ৯০ দশকৰ আৰম্ভণিৰ কালছোৱাত সেই পর্যন্ত ৰাজ্যত সৰ্ববৃহৎ দুৰ্নীতিৰূপে পৰিগণিত হোৱা বহু কোটিটকীয়া এল অ’ চি কেলেংকাৰিত স্বয়ং দুজন মুখ্যমন্ত্ৰীৰ লগতে আন বহুতো নেতা অভিযুক্ত হৈছিল, তাৰে এজনৰো কোনো ধৰণৰ শাস্তি হ’লনে— আইনীভাৱেই হওক অথবা দলীয়ভাৱেই হওক?

তাৰ পাছৰে পৰা ৰাজ্যত দুৰ্নীতি-কেলেংকাৰিৰ ধল বৈছে যদিও কেৱল মুখেৰে শ্ল’গান দিয়াৰ বাহিৰে আন কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। পঞ্জাৱত যেতিয়া এক শতাংশ কমিছন দাবী কৰা কাৰণে মন্ত্ৰীক বৰ্খাস্ত কৰা হৈছে, সেই সময়ত অসমত কোনটো বিভাগত কিমান শতাংশ কমিছনত কি কি কাম চলি আছে কোনে নাজানে! অসমত কোনটো বিভাগত ধাৰাবাহিকভাৱে বৃহৎ দুৰ্নীতি-কেলেংকাৰি সংঘটিত হৈ অহা নাই।

শিশু খাদ্যৰ পৰা আৰম্ভ কৰি বিধৱা অথবা বৃদ্ধ পেঞ্চনলৈকে প্ৰতিখন আঁচনিতে কোটি কোটি টকাৰ দুৰ্নীতি। প্রসূতি মাতৃ আৰু শিশু খাদ্য যোগানত ২২০০ কোটিটকীয়া কেলেংকাৰিৰ তথ্য ফাদিল হোৱা বুলি বিগত চৰকাৰৰ কাৰ্যকালত তদানীন্তন মুখ্যমন্ত্রীয়ে ঘোষণা কৰিলে। লগতে তাৰ তদন্তও ঘোষণা কৰি সংবাদ মাধ্যমত শিৰোনাম দখল কৰি হয়তো ৰাজনৈতিক মাইলেজ লাভ কৰিলে; কিন্তু সেই তদন্তৰ কি হ’ল কোনোবাই কিবা তথ্য জানিব পাৰিলেনে?

ঘোষণাৰ কিছুদিন পাছতে ৰহস্যজনকভাৱে তদন্ত প্ৰক্ৰিয়াই তাপ মাৰিলে। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সংঘটিত হোৱা এই কেলেংকাৰিত একাধিক মন্ত্রী তথা বিষয়া-ঠিকাদাৰৰ নাম সাঙোৰ খাইছিল; কিন্তু পৰৱৰ্তী পৰ্যায়ত তাৰে একাংশই গংগাত স্নান কৰি পৱিত্ৰ হৈ পৰিল আৰু অধিক গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিলে। মাজে মাজেতো এনে লাগে যেন চৰকাৰী বিভাগবোৰৰ মাজত অঘোষিত প্রতিযোগিতা চলিছে, কোনে কিমান বেছি দুৰ্নীতি কৰিব পাৰে! পৰিস্থিতি এনে পৰ্যায় পাইছে যে ৰাজহুৱা ধনৰ এনে লুণ্ঠন তেওঁলোকৰ অদৃষ্ট বুলিয়ে ৰাজ্যবাসীয়ে ধৰি লৈছে।

সেইবাবেই দুৰ্নীতিৰ বিৰুদ্ধে প্রতিবাদ ক্রমশঃ নাইকিয়া হৈ পৰিছে। আনকি দুৰ্নীতি- লুণ্ঠনৰাজক বৈধতা প্ৰদানৰ কৌশলেৰে ই কোনো ইস্যুৱেই নহয় বুলিও পতিয়ন নিওৱাৰ অপচেষ্টা চলিছে। দুৰ্ভাগ্যজনক এয়ে যে প্রচলিত দলসমূহৰ বিৰুদ্ধে ৰাজ্যত যি দুই-এটা নতুন দল-সংগঠনে ভুমুকি মাৰিছে সেইবোৰৰ ভূমিকাও দুৰ্নীতিৰ ক্ষেত্ৰত অতি সন্দেহজনক। গতিকে যেতিয়ালৈকে মুখ্যমন্ত্ৰী মানৰ দৰে আমাৰ ভাগ্য বিধাতা নেতাসকলে আন্তৰিক সদিচ্ছা প্রকাশ নকৰিব তেতিয়ালৈকে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা কেৱল ফাক্কা আৱাজ হৈয়ে ৰ’ব আৰু ফলস্বৰূপে ৰাজ্যৰ সাধাৰণ জনতাৰ দুর্ভোগ বৃদ্ধি পাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bhagwant MannVijay Singlaপ্রাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d