Death : দূর্ঘটনাত প্ৰাণ গ’ল ভ্ৰমনপ্ৰেমী যুৱকৰ

1653871042 dog

জীৱনৰ সপোন আছিল মৰমৰ পোহনীয়া জন্তুৰ স’তে নিজৰ গাড়ী চলাই ব্ৰাজিলৰ পৰা আলাস্কালৈ যাত্ৰা কৰা। এখন আলোচনী হিচাপে সেই যাত্ৰাটো সামাজিক মাধ্যমৰ জৰিয়তে ৰেকৰ্ড কৰিব।

ইচ্ছাৰ মতেই সকলো যোগাৰ কৰি ৰাওনা হৈছিল । যাত্ৰাৰ দিনবোৰ আনন্দ আৰু উৎসাহেৰে এখন ছবিৰ দৰে অতিবাহিত কৰে। কিন্তু অৱশেষত ৰক্ষা নপৰিল ! যাত্ৰা সমাপ্ত হোৱাৰ মাত্ৰ দুদিন আগতে, ২৯ বছৰীয়া ছ’চিয়েল মিডিয়া প্ৰভাৱশালী জেছি কোজাৰৰ আন এখন গাড়ীৰ স’তে মুখামুখি সংঘৰ্ষত মৃত্যু হয়। প্ৰাণ ৰক্ষা নপৰিল তেওঁৰ পোহনীয়া জন্তু গোল্ডেন ৰিট্ৰিভাৰ চুৰেষ্টে ।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ২৩ মে’ত, পুৱা ১০:৩০ বজাত আমেৰিকা অৰেগনৰ চালেমত ১৯৯ নং ঘাইপথত ফৰ্ড এস্কেপ গাড়ীএখনৰ স’তে মুখামুখি সংঘৰ্ষ হয় জেছিৰ ১৯৭৮ ফোক্সভাগেন বিটলৰ গাড়ীখন ।

য’ত তেওঁ আৰু চুৰেষ্টে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। আনহাতে, ফৰ্ড গাড়ী চলাই থকা মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। যদিও, গাড়ীখনত থকা শিশুটো ৰক্ষা পৰে । ২৫ মে’ত এক বিবৃতিত জেছিৰ পৰিয়ালে জনাই যে দুয়োজনৰ মৃতদেহ ব্ৰাজিললৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে।

ব্ৰাজিলৰ বাসিন্দা জেছিৰ জীৱনৰ সপোন আছিল ৰোড ট্ৰিপ ! তেওঁৰ সংগী আছিল ছবছৰৰ চুৰেষ্ট। ২০১৭ চনত আলাস্কালৈ ৰাওনা হৈছিল জেছি। তাৰ আগতে তেওঁ ব্ৰাজিলৰ এখন দোকানত শ্ৰমিক হিচাপে কাম কৰিছিল।

২০১৭ চনৰ পৰা, জেছিয়ে ১৭ খন দেশলৈ গাড়ী চলাই ভ্ৰমণ কৰিছে । ২০২০ চনত, ক’ভিডৰ বাবে আমেৰিকা আৰু মেক্সিকোৰ মাজৰ সীমান্তত অৱৰোধ হোৱাৰ পাছত তেওঁ স্বদেশলৈ উভতি আহিবলৈ বাধ্য হৈছিল। তেওঁ ২০২২ চনৰ জানুৱাৰীত পুনৰ যাত্ৰা আৰম্ভ কৰে।

জেছিয়ে মৃত্যুৰ ঠিক আগতে নিজৰ আৰু চুৰেষ্টৰ এখন ফটো পোষ্ট কৰে। ফটোখনত তেওঁক চান ফ্ৰান্সিস্কোৰ গোল্ডেন গেটত থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে । মুখত অনাবিল আনন্দ।শোকস্তব্ধ নেটিজেনসকলে লিখিছে যে জেছি আৰু চুৰেষ্টে এতিয়া তেওঁলোকৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ পৰ্যটনত ব্যস্ত ।

Exit mobile version