‘ৰাম মন্দিৰ হ’ব দেশৰ জাতীয় মন্দিৰ’, গর্ভগৃহৰ আধাৰশিলা স্থাপনৰ পাছত মন্তব্য যোগীৰ

adityanathayodhya 1654064394

অযোধ্যাৰ ৰাম মন্দিৰ (Ram Mandir) হ’ব ভাৰতৰ জাতীয় মন্দিৰ । বুধবাৰে এই দাবী কৰিলে উত্তৰ প্রদেশৰ (Uttar Pradesh) মুখ্যমন্ত্রী যোগী আদিত্যনাথে (Yogi Adityanath) । আজি মন্দিৰৰ গর্ভগৃহৰ ভিত্তিপ্রস্তৰ উদ্বোধনৰ অনুষ্ঠান আছিল । সেই অনুষ্ঠানৰ শেষত এই কথা জনায় যোগী আদিত্যনাথে । লগতে কয়, “ৰাম মন্দিৰ হ’ব দেশৰ একতাৰ প্রতীক ।”

কি ক’লে মুখ্যমন্ত্ৰী আদিত্যনাথে ? সংবাদ মাধ্যম সূত্ৰে জানিব পৰা গৈছে, “দুবছৰ পূৰ্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰে অযোধ্যাত ৰাম মন্দিৰৰ নির্মাণকাৰ্য আৰম্ভ কৰে । কাৰ্য সিদ্ধিৰে আগবাঢ়ি আছে । আমাৰ সৌভাগ্য যে, আজি মন্দিৰৰ গর্ভগৃহৰ ভিত্তিস্থাপনো হৈ গ’ল ।”

অনুষ্ঠানত উপস্থিত আছিল উত্তৰ প্রদেশৰ উপমুখ্যমন্ত্রী কেশৱপ্রসাদ মৌর্যৰ লগতে ৯০টা মঠ আৰু মন্দিৰৰ সাধু-সন্ন্যাসীসকল । তেওঁলোক ৰাম মন্দিৰ আন্দোলনত জড়িত আছিল । আজি তেওঁলোকৰ উপস্থিতিতেই স্থাপিত হ’ল ভিত্তিপ্রস্তৰ ।

কেতিয়া ৰাম মন্দিৰৰ উদ্বোধন হ’ব ? বিগত মাহত নাম প্রকাশত অনিচ্ছুক ৰাম মন্দিৰ নির্মাণ কমিটীৰ এজন সদস্য‌ই জনায়, কাম সুকলমে চালি আছে । হয়তো আগষ্টতেই সমাপ্ত হ’ব পাৰে । অৱশ্যে অন্য মত অনুসৰি,২০২৩ৰ ডিচেম্বৰৰ মাজভাগত মন্দিৰৰ নির্মাণ সম্পূর্ণ হ’ব । কর্ণাটক আৰু অন্ধ্রপ্রদেশৰ পৰা ১৭ হেজাৰ ইটা ব্যৱহৃত হ’ব এই মন্দিৰ নির্মাণৰ কাৰ্যত ।

২০২০ৰ পাঁচ আগষ্টত ভাৰতৰ ইতিহাসত ৰচিত হয় এক অত্যন্ত গুৰুত্বপূর্ণ অধ্যায় । অযোধ্যাত ৰাম মন্দিৰৰ ভিত্তিপ্রস্তৰ স্থাপন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । মঞ্চত উঠি তুমুল হর্ষধ্বনি দি তেওঁ কয়, ‘জয় সিয়া ৰাম’ । প্রধানমন্ত্রীৰ লগতে ভূমি পূজাৰ অনুষ্ঠানত উপস্থিত আছিল ৰাম জন্মভূমি তীর্থক্ষেত্রত ট্রাষ্টৰ প্ৰধান নিত্যগোপাল দাস, আৰএছএছ প্রধান মোহন ভাগৱত, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ আৰু উত্তৰ প্রদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলে ।

Exit mobile version