Covid-19 : ইডি-ৰ চমনৰ পাছতেই কৰ’না আক্রান্ত ছোনিয়া, ৰিপ’র্ট পজিটিভ অহাত গ’ল নিভৃতবাসত

1125407 sonia gandhi

কৰ’না আক্রান্ত হৈছে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী । বৃহস্পতিবাৰে দলৰ মুখপাত্র ৰণদীপ সিং সুৰজেৱালাই এই কথা জনাই কয়, ‘‘বুধবাৰে সন্ধিয়া ছোনিয়া গান্ধীৰ কৰ’না পৰীক্ষাৰ ৰিপ’র্ট পজিটিভ আহিছে । অৱশ্যে তেওঁৰ শৰীৰত গুৰুতৰ উপসর্গ নাই ।’’ কংগ্রেছ সভানেত্রীগৰাকী সম্প্ৰতি নিভৃতবাসত আছে বুলি জনাইছে সুৰজেৱালাই ।

নেছনেল হেৰাল্ড সংবাদপত্ৰৰ নামত বেআইনী লেনদেনৰ অভিযোগত জেৰাৰ বাবে অহা আঠ জুনত ছোনিয়াক চমন কৰিছে কেন্দ্রীয় সংস্থা প্ৰৱৰ্তক সঞ্চালকালয়ে (ইডি) । বুধবাৰে তেওঁক জাননী প্ৰেৰণ কৰা হৈছে ।

কংগ্রেছ সূত্রৰ খবৰ, আসন্ন ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিগত কে’বা দিন ধৰি বিভিন্ন ৰাজ্যৰ কংগ্রেছ নেতাৰ স’তে বৈঠকত মিলিত হৈছে ছোনিয়া । প্রসংগত, নেছনেল হেৰাল্ড গোচৰৰ সোধ-পোচৰ বাবে ৰাহুল গান্ধীকো বুধবাৰে পৃথক জাননী প্ৰেৰণ কৰিছে ইডি-য়ে । বৃহস্পতিবাৰে তেওঁক ইডি-ৰ দপ্তৰত হাজিথ হ’বলৈ কোৱা হৈছিল । কিন্তু তেওঁ যোৱা নাই ।

Exit mobile version