Accident : উদ্বোধনৰ পাছতেই ভাঙি পৰিল সেতু ! আহত একাধিক

Mexican footbridge collapse Twitter

উদ্বোধনৰ পাছতেই ভাঙি পৰিল সেতু । প্রায় ১০ ফুট উচ্চতাৰ পৰা তলত পৰিল ২০ জন । তেওঁলোকৰ ভিতৰত আঠজনৰ হাড় ভাঙিছে বুলি স্থানীয় সংবাদমাধ্যম সূত্রে খবৰ । ঘটনাটো মেক্সিকোৰ কিউয়েৰনাভাকা চহৰৰ ।

ঝুলন্ত সেতুৰ উদ্বোধন কৰিছিল চহৰখনৰ মেয়ৰ হোছে লুইছে । উদ্বোধনৰ পাছত ব্যৱহাৰৰ বাবে সেতুটো মুকলি কৰা হয় । মেয়ৰ আৰু তেওঁৰ পত্নীসহ কুৰিজন সেই সেতুতত উঠে । সেতুৰে পাৰাপাৰ কৰিবলৈ গৈ সেইটো ভাঙি পৰে । উদ্বোধনৰ পাছতেই এনে ঘটনা ঘটাত চৰম অস্বস্তিত পৰে স্থানীয় প্রশাসন ।

সেতুত উঠিয়ে কেইজনমানে জাপিয়াবলৈ লয় । সেতুৰ ভাৰ বহন ক্ষমতাৰ অতিৰিক্ত লোক উঠাৰ বাবেই এনে বিপত্তি ঘটিছে বুলি দাবী স্থানীয় মেয়ৰৰ ।

Exit mobile version