জটিল ৰোগত আক্ৰান্ত জনপ্ৰিয় পপ ষ্টাৰ জাষ্টিন বিবাৰ

1015

‘ৰামছে হাণ্ট ছিণ্ড্ৰম’ নামৰ জটিল ৰোগত আক্ৰান্ত হৈছে জনপ্ৰিয় পপ ষ্টাৰ জাষ্টিন বিবাৰ । সামাজিক মাধ্যমত এটা ভিডিঅ’ প’ষ্ট কৰি নিজৰ অসুস্থতাৰ কথা জনাইছে ২৮ বছৰীয়া পপ গায়ক জাষ্টিনে । এই ভিডিঅ’ত দেখা গৈছে, জাষ্টিনৰ মুখৰ সোঁফালটো পেৰালাইজড্ হৈ গৈছে ।

কাণৰ পেশীয়েও কাম কৰা নাই । বিষয়টো অতি গুৰুতৰ, অতি উদ্বেগজনক । প্রসংগত, ৰামছে হান্ট ছিণ্ড্ৰম প্ৰকৃততে ছিংগলছ নামে এটা ভাইৰাছ সংক্রমণৰ প্রকোপত মুখ, কাণৰ সিৰৰ সমস্যা হয় । ফলত মুখত পক্ষাঘাত হয় ।

জাষ্টিনে তেওঁৰ অনুৰাগীসকলক উদ্দেশ্যি জনাইছে, সম্প্ৰতি তেওঁ কোনো অনুষ্ঠান কৰিব নোৱাৰিব । শাৰীৰিকভাৱে সম্পূর্ণ সুস্থ নোহোৱা পর্যন্ত তেওঁ সম্প্ৰতি কামৰ পৰা বিৰতি ল’ব । এই অসুখৰ পৰা সুস্থ হ’বলৈ মুখৰ নানা ব্যায়ামো কৰিছে । কিন্তু বুজিব পৰা নাই যে তেওঁক সুস্থ হ’বলৈ কিমান সময় লাগিব । তেওঁৰ এই অসুখৰ খবৰ শুনি উদ্বিগ্ন অনুৰাগীসকল । সামাজিক মাধ্যমত জাষ্টিন বিবাৰৰ দ্রুত সুস্থতা কামনা কৰিছে তেওঁলোকে ।

Exit mobile version