COVID update : ২৪ ঘণ্টাত সামান্য নিম্নমুখী দৈনিক আক্রান্তৰ সংখ্যা, মৃতৰ সংখ্যা ১০

india aims to double capacity for making indigenised covid 19 testing kits

বিগত তিনি দিনত দেশত ক’ভিড সংক্রমিতৰ সংখ্যা আঠ হেজাৰৰ ওপৰতেই আছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্তৰ সংখ্যা কমি হয় ৮,০৮৪ । দেওবাৰে এই সংখ্যা আছিল ৮,৫৮২ ।

দেশত দৈনিক সংক্রমণৰ শীর্ষে মহাৰাষ্ট্র‌ । মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা তিনি হেজাৰৰ ওচৰা-ওচৰি । যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক সংক্রমিতৰ সংখ্যা ২, ৯৪৬ জন । ইয়াৰ পাছতে আছে কেৰালা । কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ২,৩১৯‌ । কেৰালাৰ পাছত দিল্লী (৭৩৫), কৰ্ণাটক (৪৬৩) আৰু হৰিয়ানা (৩০৪) ।

ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা ১০ । ইয়াৰ ভিতৰত কেৰালা আৰু ৰাজধানীত তিনিজন আৰু মহাৰাষ্ট্রত দুজনৰ মৃত্যু হৈছে । ইয়াৰ উপৰি পঞ্জাৱ আৰু মিজোৰামত এজনৰ মৃত্যু হৈছে । দেওবাৰে ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা আছিল চাৰি ।

পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৪ হেজাৰ ৭৭১ । বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ ৩.২৪ শতাংশ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ৪,৫৯২ জন ক’ভিডৰ প্রকোপৰ পৰা সুস্থ হৈ উঠিছে । এই পর্যন্ত দেশজুৰি সুস্থ হৈ উঠিছে চাৰি কোটি ২৬ লাখ ৫৭ হেজাৰ ৩৩৫ জন । সমগ্ৰ ভাৰতত এই পর্যন্ত ১৯৫ কোটি ১৯ লাখ ৮১ হেজাৰ ১৫০ টিকাকৰণ হৈছে ।

Exit mobile version