মৰমৰে ক’লে আঁতৰি যোৱা সকলক উচ্ছেদ কৰা নহয়

মুখ্যমন্ত্ৰীৰ সংবাদমেল:আৰোহন আচঁনিৰ সিদ্ধান্ত:অৰুণোদয় হিতাধিকাৰী ২৬লাখলৈ বৃদ্ধি পাব:কৰ্ম সংস্কৃতি বৃদ্ধি

20220613 223834 1
আজি নিশা ১০-৪৫ ত অন্ত পৰে তেজপুৰত অনুষ্ঠিত উপায়ুক্ত সন্মিলন৷ইয়াৰ পাছতে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে পৰবৰ্তী উপায়ুক্ত সন্মিলন ছমাহৰ পাছত তিনিচুকীয়াত অনুষ্ঠিত হ’ব৷ধান ক্ৰয়ৰ ক্ষেত্ৰত নতুনকৈ ৰাজ্যত ধান ক্ৰয়ৰ কেন্দ্ৰ স্হাপন কৰা হ’ব আৰু প্ৰতি জিলাতে কিমান ভড়াল প্ৰয়োজন হ’ব আৰু কিমান মিলৰ আৱশ্যক হ’ব সেই সকলো বিষয় আলোচনা হয়৷মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্যচৰকাৰৰ বিভিন্ন আঁচনিৰ বাবে প্ৰয়োজনীয় ভূমি ব্যৱস্হাৰ ওপৰত ৰাইজৰ স’তে আলোচনা কৰি কেনেদৰে আগবঢ়া হ’ব সেইলৈ আলোচনা হয়৷তেওঁ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী ২৬লাখলৈ বৃদ্ধি কৰা হ’ব আৰু ইয়াৰ কাম ১৫জুলাইৰ পৰা আৰম্ভ হ’ব বুলিও জানিবলৈ দিয়ে৷কৃষক সন্মান নিধি,ফচল বীমা যোজনা,জৈৱিক উদ্যান শস্যৰ ক্ষেত্ৰত আলোচনা কৰা হয় বুলি প্ৰকাশ কৰি তেওঁ কয় যে,আৰোহন নামৰ এক নতুন আঁচনি আৰম্ভ কৰা হ’ব৷এই আঁচনিৰ অধীনত প্ৰতিখন বিদ্যালয়ৰ আটাইতকৈ চোকা ছাত্ৰছাত্ৰী গৰাকীক নিৰ্বাচন কৰি এনে ১০জন ছাত্ৰছাত্ৰীক একগোট কৰি একোজন মেন্টৰৰ ব্যৱস্থা কৰিব জিলা উপায়ুক্ত সকলে৷উপায়ুক্তই এই সকল ছাত্ৰছাত্ৰছাত্ৰীক তিনিমাহৰ ভিতৰত এবাৰ নিজে সংগ  দিব উপায়ুক্তই৷তদুপৰি তেওঁলোকক বছৰি ৰাজ্যৰ একোটা স্হান ভ্ৰমনৰ সুবিধা কৰা আৰু কিতাপ আলোচনী য়োগানৰ দৰে মানবীয় সহায় আগবঢ়াব লাগিব৷তদুপৰি প্ৰতিখন জিলাত ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগস্হাপনৰ বাবে আলোচনা হয়৷মিছন বসুন্ধৰা দই আৰম্ভ কৰাৰ কথা ঘোষণা কৰি চৰকাৰী মাতিত বহুদিন ধৰি বসবাস কৰি থকা লোকক একচনীয়া মাটিৰ বিপৰীতে ম্যাদি পট্টা প্ৰদান আৰু এনে গাঁও চিনাক্ত কৰি উচ্চতম ন্যায়ালযৰ নিৰ্দেশ অনুযায়ী ভূমি পট্ট
ন দিয়াৰ বিষয়ে আলোচনা কৰা হয়৷নতুন তিনিটা কাম আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰি ড° শৰ্মাই কয় যে ১৫জুলাইৰ পৰা অৰুণোদয় মাহ আৰম্ভ কৰা হ’ব আৰু বৰ্তদানৰ হিতাধিকাৰীৰ ঘৰলৈ চৰকাৰী প্ৰতিনিধি গৈ এই সময়ত চৰকাৰী চাকৰি লাভ কৰিলে নেকি বা কাৰোবাৰ আৰ্থিক অৱস্থা ভাল হ’ল নেকি সেই বিষয়ে জৰীপ হ’ব৷এনে হিতাধিকাৰীৰ নাম কৰ্টন হ’ব৷অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা এতিয়াতকৈ ছয় লাখ সংযোজনৰে ২৬ লাখলৈ বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে৷এছটি,এছ চি আৰু অবিচি ৰ প্ৰমাণ পত্ৰ নৱম,দশম একাদশ শ্ৰেণীৰ ছাত্ৰক তেওঁলোকৰ বিদ্যালয়তে উপায়ুক্ত কাৰ্যালয়ৰ জৰিয়তে ভূমিপুত্ৰ আঁচনিৰ জৰিয়তে প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷বৰ্তমান দুৰ্নীতিৰ সুবিধা হ্ৰাস পোৱা বুলি দাবী কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই ডিজিটেলাইজেচনে এইক্ষেত্ৰত পৰিৱৰ্তন অনা বুলি কয়৷তেওঁ লগতে কয় যে,পূৰ্বৰ তুলনাত ৰাজ্যত কৰ্ম সংস্কৃতি বৃদ্ধি পাইছে৷কাৰ্বি আংলঙতে ৩২হেজাৰ টন ধান বিক্ৰী কৰিবলৈ সক্ষম হোৱাৰ বিষয়ে দোহাৰি তেওঁ কয় যে এনে কথা পূৰ্বে আশা কৰা হোৱাই নাছিল৷আনহাতে প্ৰতি ছয়মাহৰ মূৰে মূৰে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ সন্মিলন গুৱাহাটীৰ বাহিৰত হ’ব বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষক সকলৰ সন্মিলন অক্টোবৰত দেৰগাঁৱত অনুষ্ঠিত হ’ব বুলি কয়৷আনহাতে বন প্ৰাধিকাৰী তথা আন চৰকাৰী বিভাগৰ সন্মিলন এদিনীয়াকৈ গুৱাহাটীতে অনুষ্ঠিত হ’ব বুলিও সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সন্মিলন কোন আগবাঢ়িছে কোন পিছপৰিছে সেইলৈ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিবলৈ অনুষ্ঠিত কৰা হোৱা নাই৷এখন জিলা আগবাঢ়িলে অসম আগ নাবাঢ়ে বুলি উল্লেখ কৰি কয় যে ডিফু সন্মিলনৰ পাছত এই সময়চোৱাত কামৰ যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে আৰু উপায়ুক্ত সকলে ভালদৰে কাম কৰি আছে৷প্ৰদীপ হাজৰিকা সমিতিয়ে সত্ৰৰ ভূমিৰ বেদখল সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিলে সেই মতে ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰি তেওঁ কয় যে বহু স্হানত মানুহক মৰমৰে ক’লেই আতৰি যায়৷তাত উচ্ছেদৰ প্ৰয়োজন নহয়৷তেওঁ শিলসাঁকো আৰু বৰপেটা সত্ৰৰ বেদখল সন্দৰ্ভত প্ৰকাশ কৰি এয়া উচ্ছেদ বুলিব নোৱাৰি বুলি মন্তব্য কৰে৷মুখ্যমন্ত্ৰীয়ে কয় যে,এতিয়াও মৰমৰে ক’লেই যি সকল আঁতৰি যায় তেনে সকলৰ ক্ষেত্ৰত উচ্ছেদ নহয় আৰু প্ৰয়োজনতহে সত্ৰৰ ভূমিৰ লগতে আন স্হানতো উচ্ছেদ চলিব বুলি ড° শৰ্মাই প্ৰকাশ কৰে৷
Exit mobile version