সামাজিক ন্যায় আৰু সৱলীকৰণৰ দায়িত্ব লৈ বিভাগীয় কামৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰীকাই

দিব্যাংগসকলৰ বাবে থকা চৰকাৰী ব্যৱস্থাসমূহৰ সুচাৰু ৰূপায়ণৰ বাবে বিভাগীয় বিষয়াক নিৰ্দেশ

20220614144006 086A8021

অসম চৰকাৰৰ তথ্য, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ প্ৰদান কৰা সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ দায়িত্ব গ্ৰহণ কৰি আজি বিভাগীয় বিষয়াসকলৰ পৰা বিভাগটোৰ বিভিন্ন কাম কাজৰ বুজ লয় । জনতা ভৱনস্থিত নিজা কাৰ্যালয়ত অনুস্থিত বৈঠকখনত বিভাগীয় সচিব তথা সঞ্চালকৰ পৰা মন্ত্ৰী হাজৰীকাই আজি দিব্যাংগসকলৰ বাবে থকা চৰকাৰী আঁচনি তথা আন সুবিধাসমূহৰ বিষয়ে বুজ লৈ এই সুবিধাসমূহৰ উপযুক্ত তদাৰকৰ বাবে ব্যৱস্থা ল’বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ।

উল্লেখযোগ্য যে অসম চৰকাৰৰ অধীনত ইতিমধ্যে কে’বাটাও স্থানত দিব্যাংগসকলৰ বাবে বিদ্যালয় আদি থকাৰ ওপৰিও ৰাজ্যখনৰ তিনিটা স্থানত বৃদ্ধাশ্ৰম আছে । এই বিদ্যালয় তথা বৃদ্ধাশ্ৰমসমূহ পৰিষ্কাৰ পৰিচন্নকৈ ৰাখি সুপৰিচালনা কৰিবৰ বাবে বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । আমাৰ অনুষ্ঠান এটা পৰিষ্কাৰকৈ ৰাখিবলৈ বিশেষ পুঁজিৰ দৰকাৰ নপৰে, মাথো আমাৰ বিষয়া কৰ্মচাৰীসকলে মন কৰিলেই এই কাম কৰিব পাৰে, মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক উদ্দেশ্যি কয় ।

আজিৰ বৈঠকতে মন্ত্ৰী হাজৰীকাই অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা চৰকাৰী সুবিধাসমূহৰো বুজ লয় । বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে থকা জলপানিৰ বিষয়ে বুজ লৈ এই ক্ষেত্ৰত পাবলগীয়া কোনো লোকেই যাতে জলপানিৰ পৰা বঞ্চিত হ’বলগা নহয় তাৰ বিষয়ে চকু দিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে । আনহাতে, জলপানিৰ বাবে অনলাইন পঞ্জীয়ন কৰিবলৈ অসুবিধা পোৱা ছাত্ৰ-ছাত্ৰীসকলক জলপানিৰ আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰি প্ৰয়োজন সাপেক্ষে অনলাইন পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে ।

আজিৰ বৈঠকত মন্ত্ৰী হাজৰীকাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ পৰা অতি কম সংখ্যকেহে সফলতা লাভ কৰাৰ বিষয়ত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে । উল্লেখযোগ্য যে লোকসেৱা আয়োগৰ প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অনুসূচীত জাতি আৰু আন পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে মূল পৰীক্ষালৈ প্ৰস্তুতি চলাবলৈ অসম চৰকাৰৰ ফালৰ পৰা বিশেষ জলপানিৰ ব্যৱস্থা আছে ।

আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰয়োজন সাপেক্ষে এই জলপানিৰ পৰিমাণ বৃদ্ধি কৰি প্ৰাৰ্থীসকলৰ বাবে উপযুক্ত প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰিব পৰাকৈ নীতি প্ৰস্তুত কৰিবলৈও বিভাগীয় বিষাসকলক নিৰ্দেশ দিয়ে । অতি সোনকালেই সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সকলো কাম আৰু দিশৰ ওপৰত এক বিশেষ পৰ্যালোচনা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকত উল্লেখ কৰে ।

Exit mobile version