Covid update : দেশজুৰি হ্ৰাস পালে দৈনিক আক্রান্তৰ সংখ্যা, মৃতৰ সংখ্যা ছয়

1648103553 1644848831 covid

বিগত তিনি দিন ধৰি দেশজুৰি ক’ভিডত সংক্রমিতৰ সংখ্যা আঠ হেজাৰৰ ওপৰত থাকিলেও মঙলবাৰে সেই সংখ্যা যথেষ্ট নিম্নগামী হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্তৰ সংখ্যা কমি হ’ল ৬,৫৯৪ । সোমবাৰে এই সংখ্যা আছিল ৮,০৮৪ ।

দৈনিক সংক্রমণৰ তালিকাত মহাৰাষ্ট্রকে পিছ পেলাই কেৰালা শীর্ষত । কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা দুহেজাৰৰ ওচৰা-ওচৰি । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক সংক্রমিতৰ সংখ্যা ১,৯৫৫ । ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (১,৮৮৫), দিল্লী (৬১৪), কর্নাটক (৪১৫) ও হৰিয়ানা (৩৯৮) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ৪,০৩৫ জন ক’ভিডৰ প্রকোপৰ পৰা সুস্থ হৈ উঠিছে । এই পর্যন্ত দেশজুৰি সুস্থ হৈছে চাৰি কোটি ২৬ লাখ ৬১ হেজাৰ ৩৭০ জন ।

দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু লক্ষদ্বীপত ক’ভিডত আক্রান্তৰ সংখ্যা শূন্য । বর্তমান সুস্থতাৰ হাৰ ৯৮.৬৭ শতাংশ । ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা ছয় । ইয়াৰে অসমত দুজন আৰু পঞ্জাৱ, মহাৰাষ্ট্র, গোৱা আৰু পশ্চিমবংগত এজনৰ মৃত্যু হৈছে । সোমবাৰে ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা আছিল ১০ ।

পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৪ হেজাৰ ৭৭৭ । বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ কমি হ’ল ২.০৫ শতাংশ । সমগ্ৰ ভাৰতত এই পর্যন্ত ১৯৫ কোটি ৩৫ লাখ ৭০ হেজাৰ ৩৬০ টিকাকৰণ হৈছে ।

Exit mobile version