Narendra Modi : আগন্তুক ডেৰ বছৰত ১০ লাখ চৰকাৰী চাকৰি ! প্রধানমন্ত্রী মোদীৰ পৰিকল্পনা কি জানেনে ?

PM Modi 1655182033378 1655182033607

আগন্তুক ডেৰ বছৰত ১০ লাখ চৰকাৰী পদত নিয়োগ কৰিব কেন্দ্রীয় চৰকাৰে । প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কার্যালয় সূত্রে এই কথা টুইট কৰি জনোৱা হৈছে । টুইটত জনোৱা হৈছে, চাকৰি দিয়াৰ ক্ষেত্রত মোদী চৰকাৰে ‘মিছন মোড’-ৰ প্ৰতি লক্ষ্য ৰাখি পদক্ষেপ গ্ৰহণ কৰিব । কেন্দ্রীয় চৰকাৰৰ বিভিন্ন মন্ত্রণাল‌য় আৰু দপ্তৰত পৰিস্থিতি পৰ্যবেক্ষণ কৰি নিয়োগ কৰা হ’ব বুলি জনোৱা হৈছে ।

ক্রমাগত বৰ্ধিত নিবনুৱা সমস্যাক লৈ মোদী চৰকাৰে বিৰোধীৰ তীব্র আক্রমণৰ সন্মুখীন হ’বলগীয়া হয় । ৰাজনৈতিক মহলে ধাৰণা কৰিছে, আগন্তুক ডেৰ বছৰত ১০ লাখ নিযুক্তিৰ সিদ্ধান্ত তাৰেই প্ৰত্যুত্তৰ হিচাপে দাঙি ধৰা হ’ব । প্রসংগত, নির্বাচনী জনসভাত ক্ষমতাত আহিলে বছৰত দুই কোটি চাকৰি দিয়াৰ কথা কয় প্ৰধানমন্ত্ৰী মোদীয়ে । ক্ষমতাত অহাৰ পাছৰ পৰা তাক লৈও বিৰোধীৰ কটাক্ষৰ সন্মুখীন হ’বলগীয়া হয় বিজেপিয়ে ।

Exit mobile version