বজালীৰ নিত্যানন্দ, কাৱৈমাৰী, ভৱানীপুৰত কালদিয়া, পহুমৰা, পল্লা নদীৰ বানৰ তাণ্ডৱ

WhatsApp Image 2022 06 15 at 8.48.13 PM

ৰাজ্যত বিগত কিছুদিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে বজালীত সংহাৰী ৰূপ লৈছে । ইখনৰ পাছত সিখনকৈ গাঁও প্লাৱিত কৰিছে নৈৰ বাঢ়নি পানীয়ে ।

পাটাছাৰকূছী সমষ্টিত কালদিয়া নৈয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে । পাটাছাৰকূছী, পাঠশালা নিত্যানন্দ, কাৱৈমাৰী, হাঠিনাপুৰ, বাংলীপাৰা, পিপলা, অকয়া , চামতিয়া, গোমুৰা আদি বিভিন্ন অঞ্চল পহুমাৰা আৰু কালদিয়া নৈৰ পানীয়ে বুৰাই পেলাইছে ।

বজালী জিলাত নতুনকৈ সংযোজন হোৱা সৰুক্ষেত্ৰী সমষ্টিৰ কাৱৈমাৰী, হাঠিনাপুৰ অঞ্চলত কালদিয়া নৈৰ মঠাউৰি চিগাৰ বাবে বহু পৰিয়ালে নিজৰ ঘৰ এৰি ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিব লগীয়াৰ এক পৰিৱেশ সৃষ্টি হৈছে ।

ইপিনে, ভৱানীপুৰ বিধানসভা সমষ্টিৰ ভিন্ন প্ৰান্তত পহুমৰা নদী আৰু পল্লা নদীৰ বাঢ়নী পানীয়ে বানপানীৰ সৃষ্টি কৰিছে । পহুমৰা নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বানপানীৰ কৱলত পৰিছে মাধৱপুৰ, নকুছি, কৰাগাৰী, কহৰা পথাৰ, কহৰা, কুৰোবাহা পথাৰ আদি অঞ্চল ।

তেনেদৰে, পল্লা নদীৰ বাঢ়নী পানীয়ে শুকমানাহ, মাজগাঁৱৰ লগতে বৃহত্তৰ অঞ্চলটোৰ কেবাখনো গাঁও প্লাৱিত কৰিছে । গাঁওসমূহৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট বানপানীয়ে বুৰাই পেলাইছে ।

বৃহত্তৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ খেতি-পথাৰত চলা বানৰ তাণ্ডৱত কৃষিকাৰ্য ধ্বংস হৈ গৈছে । তদুপৰি ভৱানীপুৰ বিধানসভা সমষ্টিৰ ভিন্ন প্ৰান্তত পহুমৰা আৰু পল্লা নদীয়ে গৰাখহনীয়াৰো সৃষ্টি কৰিছে ।

Exit mobile version