Covid 19 : পুনৰ উদ্বেগ বঢ়াইছে ক’ভিড সংক্রমণে ! দেশত ২৪ ঘণ্টাত ৩৮ শতাংশ বাঢ়িল সংক্রমণ, দৈনিক আক্রান্ত ১২,২১৩

istockphoto 1255767686 612x612 1

দেশত পুনৰ উদ্বেগ বঢ়াইছে কৰ’না ভাইৰাছে । ১০৯ দিন পাছত ২৪ ঘণ্টাত ভাৰতত দৈনিক ক’ভিড সংক্রমণ ১০ হেজাৰ অতিক্ৰম কৰিলে । এদিনত নতুনকৈ কৰ’নাত আক্রান্ত হৈছে ১২ হেজাৰ ২১৩ জন ।

সংক্রমণৰ হাৰ বুধবাৰৰ তুলনাত ৩৮.৪ শতাংশ অধিক । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত প্রাণ হেৰুৱাইছে ১১ জনে । ক’ভিডক পৰাজিত কৰি দেশত এদিনত সুস্থ হৈছে সাত হেজাৰ ৬২৪ জন । সুস্থতাৰ হাৰ ৯৮.৬৫ শতাংশ ।

দেশৰ ভিতৰত মহাৰাষ্ট্র, দিল্লী, তামিলনাডু, তেলংগানা, পশ্চিমবংগ, গুজৰাটত সংক্রমণৰ হাৰ বাঢ়িছে । বুধবাৰে মহাৰাষ্ট্রত দৈনিক কৰ’না আক্রান্তৰ সংখ্যা চাৰি হেজাৰ ২৪ । দিল্লীত নতুনকৈ কৰ’নাত সংক্রমিত ১৩৭৫ জন ।

বিগত কিছুদিনৰ তুলনাত পশ্চিমবংগতো ক’ভিড সংক্রমণে চিন্তা বঢ়াইছে । বুধবাৰে নতুনকৈ ক’ভিডত সংক্রমিত হৈছে ২৩০ জন । তেলংগানাত বুধবাৰে দৈনিক আক্রান্তৰ সংখ্যা ২০৫ । গুজৰাটত নতুনকৈ সংক্রমিত হৈছে ১৮৪ জন ।

Exit mobile version