Agnipath Scheme : অগ্নিবীৰসকলক চাকৰিৰ প্রতিশ্রুতি ছয় বিভাগত

1655547515 agni

অগ্নিপথ প্রকল্পৰ বিৰুদ্ধে দেশব্যাপী চলা হিংসাত্মক আন্দোলনৰ পৰিপ্রেক্ষিতত সংকটমোচনৰ পথ বিচাৰিছে কেন্দ্র‌ই । এইবাৰ অৱসৰ লোৱা অগ্নিবীৰসকলক চাকৰিৰ সুযোগ কৰি দিবলৈ পদক্ষেপ ল’লে কেন্দ্রীয় বিমান মন্ত্রণালয়ে । শনিবাৰে সংশ্লিষ্ট মন্ত্রণালয়ে জনায়, মুঠ ছটা বিভাগত কামৰ সুযোগ থাকিব অগ্নিবীৰসকলৰ । একেই ঘোষণাৰে আগবাঢ়ি আহিল ক্রীড়া মন্ত্রণালয়ো । এই সন্দৰ্ভত টুইট কৰে ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে । তেওঁ জনায়, অগ্নিবীৰসকলে চাৰি বছৰ প্রশিক্ষণৰ পাছত ক্রীড়া মন্ত্রণালয়তো কামৰ সুযোগ পাব ।

উল্লেখ্য, অগ্নিপথ প্রকল্পত যুক্ত সেনানীসকলক নাম দিয়া হৈছে অগ্নিবীৰ । শনিবাৰ পুৱাই অমিত শ্বাহৰ গৃহ মন্ত্রণালয়ৰ তৰফৰ পৰা জনোৱা হয়, অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণ দিব তেওঁলোকে ।

এই অগ্নিবীৰসকলৰ ভিতৰত ভাৰতীয় নৌবাহিনীত যুক্তসকলৰ কামৰ সুযোগ থাকিব মার্চেন্ট নেভিত । বিবৃতিত কোৱা হৈছে, অগ্নিবীৰসকলৰ বাবে নৌ-অভিজ্ঞতা আৰু প্রশিক্ষণ অর্জন কৰাত সহায় কৰিব মার্চেন্ট নেভিয়ে ।

Exit mobile version