Agniveer : স্নাতক হ’ব পাৰিব ‘অগ্নিবীৰ’সকল, বিক্ষোভ পৰিস্থিতিত বিশেষ ব্যৱস্থা শিক্ষা মন্ত্রণালয়ৰ

1655557634 agnipath

চাৰি বছৰ পাছত ভৱিষ্যৎ কি ? মোদী চৰকাৰৰ অগ্নিপথ প্রকল্প সন্দৰ্ভত এই প্রশ্ন তুলিছে সেনাত চাকৰিৰ আশাত থকা দেশৰ যুৱকসকলে । চুক্তিভিত্তিক সেনা নিয়োগৰ প্রতিবাদ-বিক্ষোভত তোলপাৰ সমগ্ৰ দেশ । এই প্রেক্ষাপটত ‘অগ্নিবীৰ’সকলৰ ভৱিষ্যতৰ কথা ভাবি বিশেষ পদক্ষেপ ল’লে শিক্ষা মন্ত্রণালয়ে ।

যিসকলে অগ্নিপথ প্রকল্পত নাম নথিভুক্ত কৰিব, তেওঁলোকে বিশেষ স্নাতক ডিগ্রী বা ডিপ্লমা বা প্ৰমাণপত্ৰ লাভ কৰিব । সশস্ত্র বাহিনীত তেওঁলোকে কেনেকুৱা প্রশিক্ষণ লৈছে, তাৰ ভিত্তিত দক্ষতাৰ ৫০ শতাংশ নম্বৰ দিয়া হ’ব । বাকী ৫০ শতাংশ নম্বৰ পাঠ্যক্রমৰ ভিত্তিতে দিয়া হ’ব । এই সিদ্ধান্তৰ কথা জনাইছে শিক্ষা মন্ত্রণালয়ে ।

অগ্নিবীৰসকলৰ দক্ষতাৰ স্বীকৃতি দিবলৈ যৌথভাৱে কাম কৰিছে বিশ্ববিদ্যালয় মঞ্জুৰি কমিছন (ইউজিচি) আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে । দ্য নেছনেল ডিজিটেল বিশ্ববিদ্যালয়তো অগ্নিবীৰসকলে বিভিন্ন বিষয়ত শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পাব ।

Exit mobile version