COVID-19 : বৃদ্ধি পাইছে ক’ভিডৰ প্ৰকোপ, টিকা লৈও আইআইএম আহমেদাবাদত আক্রান্ত পাঁচ শিক্ষাৰ্থী

thumb

দেশত পুনৰ বৃদ্ধি পাইছে কৰ’নাভাইৰাছ । বিগত কে’বা দিন ধৰি ঊর্ধ্বমুখী ক’ভিড সংক্রমণ । এনে পৰিস্থিতিত আহমেদাবাদত ইণ্ডিয়ান ইনষ্টিউট অৱ মেনেজমেন্টত (আইআইএম) কমেও পাঁচজন শিক্ষাৰ্থী কৰ’নাত সংক্রমিত হৈছে । আক্রান্তাসকলৰ প্রত্যেকেই টিকা লৈছিল ।

পুনৰ নতুনকৈ এই শিক্ষা প্রতিষ্ঠানত কৰ’না সংক্রমণ ঘটাত তৎপৰতা দেখা গৈছে কর্তৃপক্ষল মাজত । আইআইএম আহমেদাবাদত বিধিনিষেধ জাৰি কৰা হৈছে । যিসকল সংক্রমিত শিক্ষাৰ্থীৰ সংস্পর্শত আহিছিল, তেওঁলোকক ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে আহমেদাবাদ পৌৰসভাই ।

বিগত কিছু দিনত কে’বাটাও শিক্ষা প্রতিষ্ঠানত কৰ’নাৰ প্ৰকোপ লক্ষ কৰা হৈছে । গুজৰাট আইন বিশ্ববিদ্যালয়ত ৬০ জনৰো অধিক ক’ভিড আক্রান্তৰ সন্ধান পোৱা গৈছে । আনহাতে, দেশত দৈনিক সংক্রমণ ক্রমশ বাঢ়িছে । শুকুৰবাৰে ভাৰতত এদিনত আক্রান্ত হৈছে ১২ হেজাৰ ৮৪৭ জন । শনিবাৰে এই সংখ্যাই ১৩ হেজাৰ অতিক্ৰম হৈছে ।

Exit mobile version