অগ্নিপথ প্রকল্পৰ ঘোষণাত হতাশ হৈ আত্মহত্যা ১৯ বছৰৰ যুৱকৰ, চাঞ্চল্য ৰাজস্থানত

Agnipath 1

অগ্নিপথ প্রকল্পক (Agnipath Scheme) লৈ হতাশ হৈ আত্মঘাতী হ’ল এজন যুৱক । ৰাজস্থানৰ ১৯ বছৰ বয়সৰ এই যুৱকৰ পৰিয়ালবৰ্গই জনাইছে, প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতি কৰি আছিল তেওঁ । কিন্তু কেন্দ্রীয় চৰকাৰৰ ঘোষণাৰ পাছৰ পৰাই ভাঙি পৰিছিল যুৱকজন । তাৰ পাছতেই মঙলবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় । প্রসংগত, ভাৰতীয় সেনাবাহিনীত নিয়োগৰ ক্ষেত্রত অগ্নিপথ প্রকল্প ঘোষণা কৰাৰ পাছৰ পৰাই দেশজুৰি বিক্ষোভ আৰম্ভ হৈছে ।

আত্মঘাতী যুৱকজনৰ নাম অংকিত । পঢ়া-শুনাৰ বাবে ঘৰৰ পৰা দূৰতেই থাকিবলগীয়া হৈছিল তেওঁ । মঙলবাৰে তাতেই ডিঙিত চিপ লৈ আত্মহত্যা কৰে অংকিতে । ভাৰা ঘৰৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় । তেওঁৰ পৰিয়ালবৰ্গ‌ই আৰক্ষীক অভিযোগ জনাইছে । মৃতকৰ খুৰা লেখৰাজে জনাইছে, চৰকাৰী চাকৰিৰ বাবে প্রস্তুতি চলাইছিল অংকিতে । নানা প্রতিযোগিতামূলক পৰীক্ষাও দিছিল । কিন্তু অগ্নিপথ প্রকল্প ঘোষণা হোৱাৰ পাছৰ পৰাই মানসিকভাৱে ভাঙি পৰিছিল তেওঁ । সেই হতাশাতেই আত্মহত্যা কৰিছে বুলি পৰিয়ালৰ দাবী ।

স্থানীয় থানাৰ এছএইছঅ’ ইন্দৰপ্রকাশ যাদৱে কয়, “অংকিতৰ ঘৰ ছিল কৰি দিয়া হৈছে । এই পর্যন্ত মৃতৰ ঘৰৰ পৰা ছুইছাইড নোট পোৱা নাই । অৱশ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে ।” আৰক্ষীৰ তৰফৰ পৰা জনোৱা হৈছে, ভগ্নীৰ স’তে মনোমালিন্য হৈছিল অংকিতৰ । সেয়ে আত্মহত্যা কৰিছে নেকি সেয়াও তদন্ত কৰা হ’ব ।

বিগত সপ্তাহত প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে (Rajnath Singh) অগ্নিপথ প্রকল্প ঘোষণাৰ পাছৰ পৰাই গণৰোষৰ (Agnipath Protest) সন্মুখীন হৈছে বিজেপি নেতৃত্ব । ইতিমধ্যে ১১ বাৰ অগ্নিপথৰ বিভিন্ন নিয়ম পৰিৱৰ্তন কৰিছে কেন্দ্র‌ই । প্রথম শাৰীৰ কেন্দ্রীয় মন্ত্রী, তিনি সেনাপ্রধান সকলোৱে অগ্নিপথৰ সুফল বুজাবলৈ চেষ্টা কৰিছে যদিও সফল হোৱা নাই । চাকৰিৰ ভৱিষ্যতক লৈ ক্রমশ দুশিন্তা বাঢ়িছে যুৱসমাজৰ । এইবাৰ এজন তৰুণৰ প্রাণ গ’ল এই প্রকল্পৰ ফলত ।

Exit mobile version