Bikes : চহৰৰ পথ সুৰক্ষিত কৰিবলৈ দুহেজাৰ ‘অবৈধ’ বাইক বুলডোজাৰেৰে ভাঙিলে মেয়ৰে !

e6859a5ad81d38e25ae45cb95f78e2e3

চহৰত বাইকৰ দৌৰাত্ম্য ক্রমে বাঢ়িছিল । লগতে বাঢ়িছিল দুর্ঘটনাৰ সংখ্যাও । সেয়ে চহৰৰ পথ সুৰক্ষিত কৰিবলৈ দুহেজাৰ ‘বেআইনী’ বাইক বুলডোজাৰেৰে ভাঙিলে নিউ ইয়র্কৰ মেয়ৰ এৰিক এডামছে ।

টুইটত এৰিকে লিখে, ‘পথত অবৈধ বাইকৰ সংখ্যা বাঢ়িছিল । লগতে বাইকবাহিনীৰ দৌৰাত্ম্যও বাঢ়িছিল । বাজেয়াপ্ত কৰা বাইকবোৰক ভাঙি সেইসমূহ বাইকাৰক বার্তা দিলো, দৌৰাত্ম্য কোনো কাৰণতে সহ্য কৰা নহ’ব । এই কাৰ্য কৰাৰ চেষ্টা কৰিলে বাইকৰ এনে অৱস্থা হ’বই !’

এৰিকে এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছে । তাত দেখা গৈছে এটা মুকলি স্থানত দুহেজাৰ বাইক থিয় কৰায় । সেই বাইকবোৰক ভাঙি পেলোৱা হৈছে বুলডোজাৰেৰে । সেই ভিডিঅ’ই এতিয়া ভাইৰেল ।

Exit mobile version