Pakistan : কাগজৰ নাটনি ! পাঠ্যপুথি ছপা বন্ধ কৰাৰ সিদ্ধান্ত পাক মুদ্রণ সংস্থাবোৰৰ

1656046521 pakistan school

আগষ্টৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষবর্ষ । কিন্তু দেশজুৰি ক্রমশ বাঢ়িছে কাগজৰ সংকট । এনে পৰিস্থিতিত আগন্তুক শিক্ষাবর্ষৰ সমস্ত পাঠ্যপুথি ছপা বন্ধ কৰাৰ সিদ্ধান্ত ল’লে ‘অল পাকিস্তান পেপাৰ মার্চেন্ট এছ’চিয়েছন’, ‘পাকিস্তান এছ’চিয়েছন অৱ প্রিন্টিং গ্রাফিক আর্ট ইণ্ডাষ্ট্ৰিজ’ (পিএপিজিএআই)-সহ কাগজ আৰু মুদ্রণ শিল্পৰ স’তে জড়িত বিভিন্ন সংগঠন ।

পাকিস্তানৰ শীর্ষস্থানীয় অর্থনীতিবিদ কায়ছাৰ বাংগালিৰ স’তে এটা যৌথ সাংবাদিক বৈঠকত মুদ্রণ ব্যৱসায়ী, প্রকাশক আৰু কাগজ ব্যৱসায়ীসকলৰ সংগঠনবোৰে জনাইছে, বর্তমান সংকটৰ বাবে বিদ্যালয়-মহাবিদ্যালয়ৰ আগন্তুক শিক্ষাবর্ষৰ বাবে পাঠ্যপুথি ছপা বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ।

এনে পৰিস্থিতিৰ বাবে সেই দেশৰ চৰকাৰৰ ‘ভুল নীতি’য়ে দায়ী বুলি অভিযোগ পাকিস্তানৰ কাগজ আৰু মুদ্রণ ব্যৱসায়ীসকলৰ । তেওঁলোকৰ মতে, পাক চৰকাৰে দীর্ঘ দিন ধৰি দেশীয় কাগজ উৎপাদক সংস্থাবোৰক একপক্ষীয় ব্যৱসায় কৰাৰ সুযোগ দিছে । বিদেশী কাগজ আমদানি ৰোধ কৰিছে । ফলত মূল্যবৃদ্ধিৰ পৰিস্থিতিত সেই দেশত কাগজ উৎপাদন বন্ধ হৈ থকাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা সম্ভৱ হোৱা নাই ।

লগতে, বিশ্বজুৰি মুদ্রাস্ফীতিৰ বাবে দ্রুততাৰ ভিত্তিত কাগজ আমদানিও কৰিব পৰা নাই । কাৰণ, পাকিস্তানৰ কাগজ আৰু মুদ্রণ সংস্থাবোৰৰ স’তে বিদেশী কাগজ উৎপাদকসকলৰ কোনো দীর্ঘম্যাদী চুক্তি নাই । প্রসংগত, কাগজ-সংকটৰ বাবে শ্রীলংকা শিক্ষা দপ্তৰতো বিগত মার্চত দেশৰ ১০ লাখৰো অধিক বিদ্যালয়ত বার্ষিক পৰীক্ষা স্থগিত কৰিবলৈ বাধ্য হৈছিল ।

Exit mobile version