Rupee : পুনৰ হ্ৰাস পালে টকাৰ দাম ! যুদ্ধ পৰিস্থিতিত তেলৰ মূল্যবৃদ্ধিকেই দোষাৰোপ কৰিছে বিশেষজ্ঞসকলে

1656409121 money

আমেৰিকাৰ ডলাৰৰ তুলনাত পুনৰ কমিল টকাৰ দাম । মঙলবাৰে বজাৰ খোলাৰ পাছত ডলাৰ প্রতি টকাৰ দাম কমি হয় ৭৮ টকা ৭৮ প‌ইচা । অর্থনীতিবিদসকলৰ একাংশৰ মতে, ৰুছ-ইউইক্রেন যুদ্ধৰ ফলত বিশ্ববজাৰত অপৰিশোধিত তেলৰ দামৰ ক্রমাগত মূল্যবৃদ্ধিৰ বাবে এনে পৰিস্থিতি হৈছে ।

মে’ৰ পৰা ধাৰাবাহিক পতনৰ পাছত ডলাৰ প্ৰতি টকাৰ দামত কিছু উন্নতি দেখা গৈছিল জুনৰ দ্বিতীয় সপ্তাহত । দুই পৰ্যায়ত আমেৰিকান ডলাৰৰ তুলনাত টকাৰ দাম সামান্য বাঢ়ে । বিগত ১৪ জুন য’ত ডলাৰ প্ৰতি ৭৮ টকা চাৰি প‌ইচা আছিল টকাৰ দাম, ১৫ জুনত সেয়া কিছু কমি হয় ৭৭ টকা ৯৯ প‌ইচা ।

কিন্তু বিগত সপ্তাহৰ পৰা পুনৰ কমে টকাৰ দাম । সোমবাৰে বজাৰ বন্ধৰ সময়ত ডলাৰ প্রতি টকাৰ দাম আছিল ৭৭ টকা ৩৪ প‌ইচা । মঙলবাৰে বজাৰ খোলাৰ পাছত সেয়া ৪৪ প‌ইচা বাঢ়ি হয় ৭৮ টকা ৭৮ প‌ইচা । ভাৰতৰ ইন্ধনৰ দুই-তৃতীয়াংশই বিদেশৰ পৰা আমদানি কৰা হয় । অর্থনীতিবিদসকলৰ একাংশ‌ই ধাৰণা কৰিছে, যুদ্ধ পৰিস্থিতিত বিশ্বজুৰি পেট্র’পণ্যৰ দাম বঢ়াত অৱমূল্যায়ন ঘটিছে টকাৰ ।

Exit mobile version