COVID-19 : ক’ভিড আপডেট

istockphoto 1255767686 612x612 1

দেশত পুনৰ বৃদ্ধি পাইছে কৰ’না ভাইৰাছ । একাধিক ৰাজ্যত ক’ভিডৰ লেখচিত্র নিত্য বাঢ়িছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি, শুকুৰবাৰৰ তুলনাত শনিবাৰে দেশত দৈনিক সংক্রমণৰ সংখ্যা সামান্য বাঢ়িল । উদ্বেগ বৃদ্ধি কৰিছে দৈনিক মৃত্যুৰ সংখ্যায়ো ।

বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত সংক্রমিত হৈছে ১৭ হেজাৰ ৯২ জন । শুকুৰবাৰে এই সংখ্যা আছিল ১৭ হেজাৰ ৭০ । এদিনত কৰ’নাত মৃত্যু হৈছে ২৯ জনৰ । শুকুৰবাৰে ভাইৰাছত মৃত্যু হৈছিল ২৩ জনৰ । শনিবাৰে কৰ’না আক্রান্ত হৈ সুস্থ হৈছে ১৪ হেজাৰ ৬৮৪ জন । সম্প্ৰতি দেশত সক্রিয় ৰোগীৰ সংখ্যা এক লাখ ন হেজাৰ ৫৬৮ । দৈনিক সুস্থতাৰ হাৰ ৪.১৪ শতাংশ । দেশত সুস্থতাৰ হাৰ ৯৮.৭৯ শতাংশ ।

কেৰালা, মহাৰাষ্ট্র, তামিলনাডুত সংক্রমণৰ গ্রাফ ঊর্ধ্বমুখী । কেৰালাত নতুনকৈ সংক্রমিত হৈছে তিনি হেজাৰ ৫৯৯ জন । মহাৰাষ্ট্রত কৰ’না আক্রান্তৰ সংখ্যা তিনি হেজাৰ ২৪৯ । তামিলনাডুত সংক্রমিত হৈছে দুহেজাৰ ৩৮৫ ।

Exit mobile version