Startup Sector : আর্থিক মন্দাৰ প্রভাৱ ষ্টার্টআপত, ছাটাই ১২ হেজাৰ কর্মচাৰী

1656856744 employee

বিশ্বজুৰি আর্থিক মন্দাৰ প্রভাৱত ক্ষতিগ্রস্ত তথ্যপ্রযুক্তি উদ্যোগ । চলিত বছৰত এই বিভাগত কাম হেৰুৱাইছে কে’বা হেজাৰ কর্মচাৰীয়ে । চলিত বছৰত অর্থনৈতিক মন্দাৰ বাবে ভাৰতত ১২ হেজাৰৰো অধিক ষ্টার্ট আপ কর্মচাৰী কর্মহাৰা হৈছে । কেৱল ভাৰততেই নহয়, ইয়াৰ প্রভাৱ সমগ্ৰ বিশ্বতেই পৰিছে । তথ্যপ্রযুক্তি উদ্যোগত ভাৰতৰ প্রায় দ্বিগুণ সংখ্যক কর্মচাৰীয়ে কাম হেৰুৱাইছে আমেৰিকাত । সেই দেশত ২২ হেজাৰ তথ্যপ্রযুক্তি কর্মচাৰীয়ে চাকৰি হেৰুৱাইছে ।

তলাবন্ধৰ পাছত লাহে লাহে সুস্থিৰ হৈছিল বিভিন্ন ছেক্টৰ । তথ্যপ্রযুক্তি উদ্যোগ বা ষ্টার্টআপৰ দৰে সংস্থাবোৰ পুনৰ আৰম্ভ হৈছে । আঙুলিৰ মূৰত গণিব পৰা কেইটামান সংস্থা এনে পৰিস্থিতিত লাভৱান হ’লেও, অধিকাংশ‌ ষ্টার্টআপত আর্থিক নাটনি দেখা গৈছে । ফলত কর্মচাৰী ছাটাই কৰিবলৈ বাধ্য হৈছে সংস্থাবোৰ । আন্তর্জাতিক স্তৰত নেটফ্লিক্স, আর্থিক সেৱা সংস্থা ৰবিনহুড আৰু এ’বাটাও ক্রিপ্ট’ প্লেটফর্মে তেওঁলোকৰ কর্মচাৰীৰ সংখ্যা কমাই দিছে । আঠ শতাংশ কর্মচাৰী ছাটাই কৰিছে প’কেমন অনলাইন গেম প্রস্তুতকাৰক সংস্থাই । আনকি জানিব পৰা গৈছে, চলিত বছৰত ইলন মাস্কৰ সংস্থা টেছলাৰ কর্মচাৰী সংখ্যা ১০ শতাংশ কমিছে ।

ভাৰতৰ ক্ষেত্রত বিষয়টো আৰু উদ্বেগজনক । ভাৰতত ইতিমধ্যে কর্মহীন হৈছে বিভিন্ন ষ্টাটার্টআপ সংস্থাৰ ১২ হেজাৰৰো অধিক কর্মচাৰী । দেশত তথ্যপ্রযুক্তি উদ্যোগৰ স’তে জড়িত বিশেষজ্ঞসকলে ধাৰণা কৰিছে, আর্থিক মন্দা সাম কাটি উঠিব নোৱাৰিলে চলিত বছৰতেই ৫০ হেজাৰৰ অধিক কর্মচাৰী কৰ্মহাৰা হ’ব । কাৰণ, ইয়াত অ’লা, বাইজু, বেদান্ত, আনএকাডেমি, এমফাইন, এমপিএল-ৰ দৰে বহু সংস্থা কর্মচাৰীৰ সংখ্যা একেৰাহে কমি আছে ।

Exit mobile version