President Election 2022 : ‘ৰাষ্ট্রপতি নিৰ্বাচনত জয়ী হ’লে কাশ্মীৰ সমস্যাৰ স্থায়ী সমাধাক অগ্রাধিকাৰ দি‌ম’, মন্তব্য যশৱন্তৰ

yashwantsinha 1615795484

ৰাষ্ট্রপতি নির্বাচনত জয়ী হ’লে তেওঁৰ অগ্রাধিকাৰৰ তালিকাত প্রথম হ’ব কাশ্মীৰ সমস্যাৰ স্থায়ী সমাধান । শনিবাৰে সংবাদ সংস্থা এনএনআই-ক দিয়া সাক্ষাৎকাৰত এই মন্তব্য কৰিছে বিৰোধী জোঁটৰ প্রার্থী যশৱন্ত সিন্‌হাই ।

অটল বিহাৰী বাজপেয়ী চৰকাৰৰ বিত্তমন্ত্রী আৰু বৈদেশিক মন্ত্রীৰ দায়িত্ব পালন কৰা যশৱন্তে কয়, ‘‘নির্বাচিত হ’লে কাশ্মীৰ সমস্যাৰ স্থায়ী সমাধানৰ বিষয়টোত অগ্রাধিকাৰ দিবৰ বাবে ম‌ই চৰকাৰক ক’ম । লগতে মোৰ অগ্রাধিকাৰৰ তালিকাত থাকিব, শান্তি, ন্যায়বিচাৰ, গণতন্ত্র, স্থিতিশীলতা পুনৰুদ্ধাৰ কৰা আৰু উন্নয়নৰ ক্ষেত্রত বৈষম্যৰ অৱসান ঘটোৱা ।’’

প্রসংগত, ৰাষ্ট্রপতি নির্বাচনত অংকৰ বিচাৰত সুবিধাজনক স্থানত নাই বিৰোধীসকল । উৰিষ্যাৰ মুখ্যমন্ত্রী নবীন পট্টনায়কৰ দল বিজেপি, মায়াবীত বিএছপি আনকি, কংগ্রেছৰ সহযোগী দল ঝাড়খণ্ড মুক্তি মোর্চায়ো বিজেপিৰ নেতৃত্বাধীন এনডিএ জোঁটৰ প্রার্থী দ্রোপদী মুর্মুৰ যুঁজত সমর্থনৰ কথা ঘোষণা কৰিছে ।

Exit mobile version