চতিয়াৰ পৰা নিৰুদ্দেশ এজন ১৪ বছৰীয়া কিশোৰ

WhatsApp Image 2022 07 11 at 8.28.42 PM

বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত চতিয়া বহুৱাবাৰীৰ এজন কিশোৰ নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, চতিয়া বহুৱাবাৰীৰ ৰাজা বৰা নামৰ কিশোৰ জন দেওবাৰে পুৱা প্ৰায় ১১ বজাত চতিয়া চেন্টাৰলৈ ওলাই অহে ৷ বহুপৰলৈ ঘৰত উভতি নহাত ঘৰৰ মানুহে বিচৰা আৰম্ভ কৰে যদিও কিশোৰজনৰ কোনো সম্ভেদ নাপালে ৷ সেয়ে কিশোৰজনৰ মাতৃয়ে আজি চতিয়া থানাত এই বিষয়ত এজাহাৰ দাখিল কৰে ৷

উল্লেখ্য যে চতিয়া জ্ঞান বিকাশ একাডেমীৰ নৱমমানৰ ছাত্ৰজন নিৰুদ্দেশ হোৱাৰ সময়ত হালধীয়া টি চাৰ্ট আৰু নীলা জিঞ্চৰ পেন্ট পৰিধান কৰি আছিল ৷ লগতে কোনো সদাশয় লোকে কিশোৰজনক দেখিলে ৯৯৫৪৪৪৫৩৫৭ নম্বৰত জনাবলৈ অনুৰোধ জনাইছে ৷

Exit mobile version