আইকনিক ফেচ অৱ নৰ্থইষ্ট ২০২২ত উজলিল গোৱালপাৰাৰ কণমানি পঞ্চী বৰ্মন

WhatsApp Image 2022 07 16 at 6.53.03 PM

আইকনিক ফেচ অৱ নৰ্থইষ্ট ২০২২ত উজলিল গোৱালপাৰাৰ কণমানি পঞ্চী বৰ্মন । উল্লেখ্য যে গুৱাহাটীৰ প্ৰাগজ্যোতি আই টি এ, মাছখোৱা সাংস্কৃতিক প্ৰেক্ষাগৃহত যোৱা নিশা আকৃতি ইভেণ্টছ প্ৰাইভেট লিমিটেডৰ দ্বাৰা আয়োজিত “আইকনিক ফেচ অৱ নৰ্থইষ্ট ২০২২ (ছিজন ৪)”শীৰ্ষক ফেশ্বন শ্ব’ প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিভিন্ন শাখাৰ মাজত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাৰ উত্তৰ পূৰ্বৰ বহু কেইখন ৰাজ্যৰ ভালেসংখ্যক আগশাৰীৰ মডেলাৰে অশগ্ৰহণ কৰে । ইয়াৰে শিশুৰ(ছোৱালী) শাখাত গোৱালপাৰাৰ পাঁচ বছৰীয়া কণমানি পঞ্চী বৰ্মনে আইকনিক ফেচ অৱ নৰ্থইষ্ট ২০২২ৰ সন্মানীয় বিজয়ী মুকুট দখল কৰিবলৈ সক্ষম হয় ।

অনুষ্ঠানত জুৰি আছিল মনিকা সিন্‌হা, পিংকি ভট্ট আৰু কিৰণ বড়োৰ লগতে আমন্ত্ৰিত অতিথি অভিনেতা তথা কৰিঅ’গ্ৰাফাৰ শংকৰ কলিতা, কন্ঠশিল্পী ভৃগু কাশ্যপ, মন্টুমণি শইকীয়াৰ লগতে বহুতো অতিথি এই অনুষ্ঠানত উপস্থিত আছিল ৷

উল্লেখ্য যে পঞ্চী বৰ্মন হ’ল গোৱালপাৰা চহৰৰ গুৱালটুলী নিৱাসী ৰাতুল চন্দ্ৰ বৰ্মন আৰু মিলিমা দাসৰ কন্যা । বৰ্তমান পঞ্চী বৰ্মন গোৱালপাৰা মাদাৰ মেৰী স্কুলত অধ্যয়ন কৰি আছে লগতে গোৱালপাৰা ৰাইজিং ডেন্স একাডেমিত গুৰু শংকৰ কলিতাৰ তত্বাৱধানত নৃত্যৰ প্ৰশিক্ষণো লৈ আছে ।

উল্লেখ্য যে, পঞ্চীয়ে আকচাৰা বিউটি পিজেন্ট কন্টেষ্ট ২০২১ ( ছিজন ছয়) শিশুৰ (ছোৱালী) শাখাত ২য় ৰানাৰ্ছআপ, নৰ্থ ইষ্ট ছুপাৰষ্টাৰ ২০২১ ( ছিজন তিনি) বেষ্ট ৰেম্প ৱাক ২০২১ ছাব টাইটেল খিতাপৰ লগতে ২য় ৰানাৰ্ছআপ পাবলৈও সক্ষম হৈছিল । কণমানি পঞ্চীৰ এই ধাৰাবাহিক সাফল্যত শুভকাংক্ষীৰ লগতে সমূহ গোৱালপাৰাবাসী উৎফুল্লিত হৈ পৰিছে ।

Exit mobile version