Bengaluru : ৩০ হেজাৰ কিলোগ্ৰাম প্লাষ্টিক আৱৰ্জনাৰে পথ নিৰ্মাণ !

plastic waste road630

কংক্রিটৰ পথ নিৰ্মাণ কৰিবলৈ গৈ চমক দিলে বেংগালুৰুৱে । চহৰৰ আৰএমজেড ইক’ৱর্ল্ড আৰু আউটাৰ ৰিং ৰোডক সংযুক্ত কৰিবলৈ পুনর্ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰিলে নির্মাণকাৰীসকলে । তেওঁলোকৰ দাবী, সম্পূৰ্ণ পথ তৈয়াৰ কৰিবলৈ মুঠ ৩০ হেজাৰ কিলোগ্ৰাম পুনর্ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে । কেনেদৰে তৈয়াৰ কৰা হৈছে এই পথ ?

ফুটপাথৰ পৰা পথ তৈয়াৰ কৰিবৰ বাবে এটা পৰিৱেশবান্ধৱ প্রকল্পৰ কথা ভাবিছিল প্রশাসনে । দুয়োটা সংস্থাই আবণ্টন পায় । পথ নিৰ্মাণ কৰা এই পৰিৱেশবান্ধৱ পদ্ধতিৰ নাম ‘গ্রিডমেটছ’ । নির্মাণকাৰীসকলৰ দাবী, কেৱল প্লাষ্টিক আৱৰ্জনাৰে নিৰ্মাণ কৰা এই পথত পানীৰ অপচয় কম হৈছে । সাধাৰণ কংক্রিটৰ পথ নিৰ্মাণ কৰিবলৈ যি পানী লাগে, ইয়াত তাতকৈ অন্তত ৩০ শতাংশ কম পানীৰ প্রয়োজন হয় । তদুপৰি, ইস্পাত দ্রব্যৰে পথৰ শক্তিবৃদ্ধিৰ প্রয়োজন নহয় ।

‘প্লাষ্টিকৰ পথ’ নিৰ্মাণ কৰা এই নির্মাণকাৰী সংস্থাৰ তৰফৰ পৰা সৌৰভ কুমাৰে জনায়, প্রথাগত পদ্ধতিত এই কংক্রিটৰ পথটো নিৰ্মাণ কৰিবলৈ অন্তত ৪৬.৫ টন কার্বন-ডাই অক্সাইড নিঃসৰণ হয় । ‘গ্রিডমেট’ পদ্ধতিত কার্বন-ডাই অক্সাইডৰ নিঃসৰণ হৈছে মাত্র ১১.৯ টন । তেওঁ কয়, ‘‘এখন গাড়ীয়ে ১,৩৮,৬০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ যি পৰিমাণৰ কার্বন নিঃসৰণ কৰে, সেই পৰিমাণ কমাইছো আমি ।’’

Exit mobile version