Sri Lanka : শ্রীলংকাৰ পৰিস্থিতি সন্দৰ্ভত মঙলবাৰে সর্বদলীয় বৈঠক আহ্বান মোদী চৰকাৰৰ

30 A protest at the entrance

গণবিক্ষোভত জ্বলিছে শ্রীলংকা । অভূতপূর্ব উঠা-নমা আৰু ৰাজনৈতিক পটপৰিৱর্তন চলিছে কলম্বোত । এই প্রেক্ষাপটত চুবুৰীয়া দেশৰ পৰিস্থিতিক লৈ সর্বদল বৈঠক আহ্বান কৰিছে মোদী চৰকাৰে ।

অহা মঙলবাৰে সন্ধিয়া সর্বদল বৈঠক আহ্বান কৰা হৈছে । বিত্তমন্ত্রী নির্মলা সীতাৰামন আৰু বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ নেতৃত্বত এই বৈঠক হ’ব । দেওবাৰে এই কথা জনাইছিল সংসদ বিষয়ক মন্ত্রী প্রহ্লাদ জোশীয়ে ।

আর্থিকভাৱে জুৰুলা দ্বীপৰাষ্ট্রৰ দাৰিদ্ৰ্যতা ক্রমশ বাঢ়িছে । গণৰোষৰ পৰা ৰক্ষা পাবলৈ দেশ এৰি পলায়ন কৰিছে সদ্য ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ দিয়া গোতাবায়া ৰাজাপক্ষ‌ই । অস্থায়ীভাৱে ৰাষ্ট্ৰপতিৰ দায়িত্ব ভাৰ গ্ৰহণ কৰিছে ৰনিল বিক্রমসিংঘেয়ে । অহা ২০ জুলাইত শ্রীলংকাত নতুন ৰাষ্ট্ৰপতি নির্বাচন হ’ব । তাৰ আগৰ দিনাই শ্রীলংকাৰ পৰিস্থিতিক লৈ সর্বদল বৈঠক আহ্বান কৰিলে নতুন দিল্লীয়ে ।

কিছু দিন পূৰ্বে বৈদেশিক মন্ত্রী জয়শংকৰে জনাইছিল, ‘‘আমি শ্রীলংকাৰ লগত আছো । আমি তেওঁলোকক সহায় কৰাৰ চেষ্টা কৰিছো । নাগৰিকসকলে এতিয়া সমস্যাৰ পৰা ওলাই অহাৰ চেষ্টা কৰিছে । আমি লক্ষ্য কৰিব লাগিব, তেওঁলোকে কি কৰে ।’’ বৈদেশিক মন্ত্রণালয়ৰ তৰফৰ পৰা বিবৃতিত কোৱা হৈছিল, ‘শ্রীলংকাৰ মানুহৰ লগত আছে ভাৰত । গণতান্ত্রিক নীতি, মূল্যবোধ, প্রতিষ্ঠান আৰু সাংবিধানিক পৰিকাঠামোৰ মাধ্যমত শ্রীলংকাৰ মানুহে দেশৰ আর্থিক সমৃদ্ধি আৰু উন্নয়নৰ পথ বুজিব বিচাৰিছে ।’

Exit mobile version