বিদেশমুখী অসমৰ নেমু

শালবাৰীৰ গাতিৰ নেমু খেতিয়কৰ মনলৈ নতুন উছাহ

WhatsApp Image 2022 07 18 at 8.20.06 PM

নেমুটেঙা উৎপাদনৰ ক্ষেত্ৰত বাগসা জিলাৰ শালবাৰী মহকুমাৰ গাতি অঞ্চলৰ এটা সুকীয়া পৰিচয় আছে ৷ দীৰ্ঘবছৰে বৃহত্তৰ গাতি অঞ্চলৰ অধিকাংশ পৰিয়ালেই কম-বেছি পৰিমাণে নেমু উৎপাদনেৰেই স্বাৱলম্বী হৈ আহিছে ৷ শেহতীয়াকৈ গাতিত উৎপাদিত নেমু বিদেশলৈ ৰপ্তানি কৰা ব্যৱস্থাৰ আৰম্ভণি হোৱা খবৰে স্বাভাৱিকতে নতুন আশাৰ সঞ্চাৰ কৰিছে গাতিৰ নেমু খেতিয়কসকলৰ মনত ৷

উল্লেখযোগ্য যে নীলাচল এগ্ৰ’ কোম্পানীৰ উদ্যোগত আজি বাগসা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰথম ‘কনছাইনমেণ্ট’ত ছয়শ কিলোগ্ৰাম নেমু লণ্ডনলৈ প্ৰেৰণ কৰা হয় ৷ এই কাৰ্যৰ আৰম্ভ কৰে বাগসা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গে ৷ আনহাতে জানিব পৰা মতে, নীলাচল এগ্ৰ’ কোম্পানীৰ লগত ইতিমধ্যে বৃহত্তৰ গাতি অঞ্চলৰ সাতশ নেমু খেতিয়ক পঞ্জীভুক্ত হৈছে আৰু প্ৰায় ১৫০০ খেতিয়ক লাহে লাহে কোম্পানীটোক সহযোগৰ বাবে আগবাঢ়ি আহি আছে ৷

ইফালে, আজি গাতি অঞ্চলত এই প্ৰতিবেদক উপস্থিত হৈ নেমু খেতিয়কসকলৰ স’তে পতা কথা-বতৰাত তেওঁলোকে জনায় যে, গাতিৰ নেমু লণ্ডনলৈ ৰপ্তানিৰ এই খবৰে তেওঁলোকক স্বাভাৱিকতে উৎফুল্লিত কৰিছে ৷ যদি নেমুৰ এই ৰপ্তানি প্ৰক্ৰিয়া অব্যাহত থাকে তেতিয়া অঞ্চলটোৰ ন ন লোক নেমু খেতিৰ বাবে আগবাঢ়ি আহিব, পৰিত্যক্ত হৈ থকা মাটিত নেমু খেতিৰে স্বাৱলম্বিতাৰ বাবে লোকসকল দুগুণে উৎসাহিত হৈ পৰিব বুলি প্ৰকাশ কৰে গাতিৰ নেমু খেতিয়কে ৷

উল্লেখযোগ্য যে বাৰিষাৰ এই সময়ছোৱাত নেমুৰ উৎপাদন যথেষ্ট হয়, কিন্তু গাতিৰ নেমুখেতিয়কসকলে এইখিনি সময়ত আজিলৈ সন্তোষজনক বজাৰ মূল্য লাভ কৰা নাই ৷ সম্প্ৰতি প্ৰতি পোণত মাত্ৰ ৩০-৪০ টকা দৰত তেওঁলোকে বিক্ৰী কৰি আছে উৎপাদিত নেমু ৷ যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট কষ্টৰে উৎপাদন কৰা নেমুখেতি এডৰাৰ পৰা নিজৰ শ্ৰমখিনিৰ মূল্যও পাবলৈ সক্ষম হোৱা নাই বুলি আক্ষেপ কৰে বহুকেইগৰাকী নেমু খেতিয়কে ৷ অৱশ্যে ভাদ-আহিনত বজাৰমূল্য কিছু বৃদ্ধি পায় বুলিও জনায় তেওঁলোকে ৷

স্মৰ্তব্য যে বিগত নিৰ্বাচনী প্ৰচাৰৰ বাবে বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাতিত উপস্থিত হওঁতে মঞ্চতে গাতিৰ নেমুৰ ৰস নিজহাতে কাটি খাই গৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নেমুৰ বজাৰীকৰণত ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰিছিল ৷ সেই কথা ৰোমন্থন কৰি আজি গাতিৰ নেমু খেতিয়কে নেমুৰ ৰপ্তানিৰ এই ব্যৱস্থাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীকো ধন্যবাদ জ্ঞাপন কৰে আৰু এই ক্ষেত্ৰত অনাগত দিনতো তেওঁৰ সহযোগিতা কামনা কৰে ৷

Exit mobile version