প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত উপৰাষ্ট্রপতি নির্বাচনত মনোনয়নপত্র দাখিল কৰিলে বাংলাৰ প্রাক্তন ৰাজ্যপাল জগদীপ ধনখড়ে ।
ধনখড়ে মনোনয়নপত্র দাখিল কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও আছিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, বিজেপি সর্বভাৰতীয় সভাপতি জে পি নড্ডাসহ অন্যান্য । এনডিএ শিবিৰৰ পৰা উপৰাষ্ট্রপতি নির্বাচনত প্রার্থীত্ব দিয়া হৈছে ধনখড়ক । ইয়াৰ পাছতেই দেওবাৰে বাংলাৰ ৰাজ্যপাল পদৰ পৰা তেওঁ পদত্যাগ দিয়ে ।
অধিবক্তা, প্রাক্তন সাংসদ ধনখড়ে ২০১৯ৰ আগষ্টত পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে দায়িত্বভাৰ গ্রহণ কৰিছিল । ধনখড়ে ৰাজভৱনত ভৰি দিয়াৰ পাছৰ পৰাই নানা বিষয়ত বাংলাৰ চৰকাৰৰ স’তে তেওঁৰ সংঘাতৰ পৰিস্থিতি সৃষ্টি হয় । ৰাজ্যপাল বনাম বাংলাৰ শাসকদলৰ বাক্যুদ্ধত সুৰ আছিল ৰাজনীতিৰ পথাৰ ।
#WATCH | Delhi: NDA candidate Jagdeep Dhankhar files his nomination for the Vice Presidential elections in the presence of PM Narendra Modi.
(Source: DD) pic.twitter.com/jyUOddtxOe
— ANI (@ANI) July 18, 2022
উপৰাষ্ট্রপতি পদত নির্বাচনৰ বাবে মনোনয়নপত্র দাখিলৰ অন্তিম তাৰিখ ১৯ জুলাই আৰু নির্বাচন অনুষ্ঠিত হ’ব ছয় আগষ্টত । অহা ১০ আগষ্টত বর্তমানৰ উপৰাষ্ট্রপতি বেংকইয়া নাইডুৰ কাৰ্যকাল সমাপ্ত হ’ব ।