কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ নাম ঘোষণা

WhatsApp Image 2022 07 19 at 7.08.20 PM

বহু জল্পনা-কল্পনাৰ অন্তত আজি ঘোষণা কৰা হ’ল ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ নামৰ তালিকা ৷ যোৱা আঠ জুনত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হয় ৷ ১২ জুনত ভোট গণনা অনুষ্ঠিত হয় ।

কাৰ্বি আংলং জিলাৰ ২৬টা পৰিষদীয় সমষ্টিত ২৬টাই বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয় । যোৱা ২০ জুনত অসমৰ ৰাজ্যপাল জগদীশ মূখি আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তাৰালাংছত নৱ নিৰ্বাচিত সদস্যসকলে শপতগ্ৰহণ কৰে ৷ শপতগ্ৰহণ সমাৰোহৰ এমাহ পাছত আজি ২০ জুলাইত নিৰ্বাচিত পৰিষদসকলৰ মাজত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সভাগৃহত কাৰ্যবাহী সদস্যৰ লগতে দপ্তৰসমূহ বিতৰণ কৰা হয়, এই সমাৰোহত উপস্থিত থাকে কাৰ্বি পৰিষদৰ অধ্যক্ষ ৰাজু তিছ, কাৰ্বি পৰিষদৰ মূখ্য কাৰ্য্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, সাংসদ হৰেন সিং বে, বিধায়ক, দৰছিং তেৰণ অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু কাৰ্বি পৰিষদৰ সদস্যসকল ৷

ঘোষিত কাৰ্যবাহী সদস্যসকল ক্ৰমে, অমৰছিং তিচ’, মঙলছিং তিমুঙ, মুকুট মহন্ত, লুণছিং টেৰণ, ডি উফিম মাছলাই, ৰিতেশ ইংহি, প্ৰভাত চন্দ্ৰ তাৰ’, ৰিচাৰ্ড টকবী, সূৰ্য ৰংফাৰ, কাংবুৰা কিলিঙ, ৰিণা তেৰাঙপী, মধুৰাম লেকথে আৰু বিলি মোহন খাকলাৰী ৷ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে নিৰ্বাচিত কাৰ্যবাহী সদস্যসকলক নিজ নিজ কাৰ্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰে ৷

সাংবাদিকৰ স’তে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে কয় যে ৰাজ্যপালৰ অনুমোদন মৰ্মে ১৩গৰাকী সদস্যক কাৰ্যবাহী সদস্য পদৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ দুগৰাকী কাৰ্যবাহী সদস্য শীঘ্ৰে দিয়া হ’ব বুলি কয় ডাঃ তুলিৰাম ৰংহাঙে ৷

Exit mobile version