COVID-19 : ক’ভিড আপডেট

COVID Test Jammu 1200 14012022 PTI

বিগত সপ্তাহত দেশজুৰি দৈনিক আক্রান্তৰ সংখ্যা ২০ হেজাৰৰ ওপৰত থাকিলেও দুদিন ধৰি ক’ভিড সংক্রমণৰ লেখচিত্র নিম্নমুখী হোৱা পৰিলক্ষিত হৈছে । সোমবাৰে এই সংখ্যা ১৭ হেজাৰৰ ওচৰা-ওচৰি থাকিলেও বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা এক কমি ১৫ হেজাৰৰ ঘৰ অতিক্ৰম কৰিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, মঙলবাৰে দেশত দৈনিক সংক্রমণৰ সংখ্যা কমি হ’ল ১৫,৫২৮ । সোমবাৰে এই সংখ্যা আছিল ১৬,৯৩৫ ।

ৰাজ্যভিত্তিক দেশত দৈনিক সংক্রমণৰ তালিকাত পশ্চিমবংগক পিছ পেলাই শীর্ষত আছে তামিলনাডু । বিগত ২৪ ঘণ্টাত তামিলনাডুতে দৈনিক আক্রান্তৰ সংখ্যা ২,২২৩ । ইয়াৰ পাছতে আছে কেৰালা (২,১৪৮), পশ্চিমবংগ (১,৪৪৯), মহাৰাষ্ট্র (১,১১১) আৰু কর্নাটক (১,১০৮) ।

ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ২৫ জনৰ । ইয়াৰ ভিতৰত পশ্চিমবংগত মৃতৰ সংখ্যা সর্বোচ্চ । যোৱা ২৪ ঘণ্টাত পশ্চিমবংগত ছজন ক’ভিড- আক্রান্ত হৈ মৃত্যু হৈছে । ইয়াৰ উপৰি কেৰালাত পাঁচজন, অসমত তিনিজন, দিল্লী, বিহাৰ আৰু পঞ্জাৱত দুজন আৰু ছত্তীছগঢ়, জম্মু আৰু কাশ্মীৰ, ওড়িছা, ৰাজস্থান, গোৱাত এজনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । সোমবাৰে ক’ভিডত আক্রান্ত হৈ এই সংখ্যা আছিল ৫১ ।

পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৫ হেজাৰ ৭৮৫ । বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ কমি হৈছে ৩.৩২ শতাংশ । সোমবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৬.৪৮ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণাল‌য়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডৰ প্রকোপৰ পৰা ১৬,১১৩ জন লোক সুস্থ হৈছে । এই পর্যন্ত দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩১ লাখ ১৩ হেজাৰ ৬২৩ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৪৭ শতাংশ । দেশজুৰি এই পর্যন্ত ২০০ কোটি ৩৩ লাখ ৫৫ হেজাৰ ২৫৭ টিকাকৰণ কৰা হৈছে ।

Exit mobile version