এখন আসনৰ বাবদ ২০ লাখ টকা, নীটত বহিল নকল পৰীক্ষাৰ্থী

neet2022news 16581359273x2 1

ৰাষ্ট্ৰীয় অৰ্হতা বনাম প্ৰৱেশ পৰীক্ষা (নীট)ত বৃহৎ লেনদেনৰ তথ্য পোহৰলৈ আহিছে । কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআয়ে সোমবাৰে আঠজন লোকক গ্ৰপ্তাৰ কৰাৰ পাছত মেডিকেল পাঠ্যক্ৰমত আসন নিশ্চিত কৰাৰ ক্ষেত্ৰত একাধিক ৰাজ্যত এই অপৰাধী চক্ৰ সক্ৰিয় হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, হাৰিয়ানাত এই চক্ৰটোৱে বৃহৎ জাল পেলাইছে । প্ৰতিখন আসনৰ বিনিময়ত ২০ লাখ টকা পর্যন্ত আদায় কৰে এই চক্ৰটোৱে । দিল্লীত চিবিআয়ে ছজন এনে লোকক গ্ৰপ্তাৰ কৰে, যিসকলে নীটৰ পৰীক্ষাত আন ছাত্ৰ-ছাত্ৰীৰ ৰূপ লৈ অৱতীৰ্ণ হয় আৰু বৃহৎ ধনৰ বিনিময়ত উত্তৰ লিখে । এই সমস্ত ঘটনাৰ মূল চক্ৰী হৈছে দিল্লীৰ সুশীল ৰঞ্জন ।

এই চক্ৰটোত এই পর্যন্ত ১১ অভিযুক্তৰ নাম উদঘাটন হৈছে । পৰৱৰ্তী পৰ্যায়ত তদন্তকাৰী সংস্থাই সংশ্লিষ্ট প্ৰাৰ্থীসকলক সোধ-পোছ কৰিব । যিসকল প্ৰাৰ্থীৰ বিপৰীতে চক্ৰটোৰ সদস্য‌ই পৰীক্ষা দিছে তেনে প্ৰাৰ্থী আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব । চক্ৰটোৱে বিভিন্ন পক্ষৰ আশ্ৰয় লৈ পৰীক্ষাৰ পৰিচয় পত্ৰ নকল কৰে আৰু পৰীক্ষাৰ্থীৰ ভেশচন ধৰি চক্ৰৰ সদস্য‌ই পৰীক্ষা দিয়ে ।

Exit mobile version