ছবকা ছাথ, ছবকা বিকাশ…. এই শ্ল’গানেৰে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰে শাসন চলাই যোৱাৰ পাছতো বৰপেটা জিলাৰ দক্ষিণ বৰপেটাৰ লক্ষাধিক লোক আজিও চৰকাৰী এম্বুলেঞ্চ সেৱাৰ পৰা প্ৰায় বঞ্চিত । জিলাখনৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰত আৰু এই অঞ্চলসমূহৰ অধিকাংশ ঠাইতে এম্বুলেঞ্চ নাযায় । বৃহত্তৰ অঞ্চলটোত বসবাস কৰা লক্ষাধিক লোক এম্বুলেঞ্চ সেৱাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।
দক্ষিণ বৰপেটাৰ আলোপতি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় আৰু কাছুমাৰা ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্য বিভাগে আওপুৰণি এম্বুলেঞ্চ প্ৰদান কৰিলেও দুয়োখন এম্বুলেঞ্চে ৰাইজৰ সেৱা আগবঢ়োৱাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে । অন্যহাতে, দক্ষিণ বৰপেটাৰ আন কেইখন চৰকাৰী চিকিৎসালয়ত এম্বুলেঞ্চৰ সুবিধা নাই । চৰকাৰী চিকিৎসালয়সমূহত স্বাস্থ্য বিভাগে এম্বুলেঞ্চ প্ৰদান নকৰা আৰু বিধ্বস্ত বাট-পথৰ বাবে দক্ষিণ বৰপেটাৰ অধিকাংশ অঞ্চলৰ লোক চৰকাৰী এম্বুলেঞ্চ সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । যাৰ বাবে এই অঞ্চলৰ লোকসকলে ৰোগী কঢ়িওৱাৰ বাবে ব্যৱহাৰ ঠেলা ব্যৱহাৰ কৰে ।
দক্ষিণ বৰপেটাৰ লক্ষাধিক লোকৰ বাবে ঠেলাই হৈছে এম্বুলেঞ্চ । জিলাখনৰ মাজৰচৰত তেনে এক দৃশ্য দেখা গ’ল কালি সন্ধিয়া ভাগত । গাঁওখনৰ অছিম উদ্দিন মুন্সী নামৰ লোকজনক চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলগীয়া হোৱাত অস্বস্তিত পৰে পৰিয়ালৰ লোক । বিধ্বস্ত বাট-পথৰ বাবে অঞ্চলটোলৈ নাযায় এম্বুলেঞ্চ, নচলে গাড়ী মটৰো । উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে এখন ঠেলাত উঠাই নিবলগীয়া হয় নগৰবেৰালৈ ।
এক যন্ত্ৰণাকাতৰ জীৱন যাপন কৰিবলগা হৈছে দক্ষিণ বৰপেটাবাসীয়ে । কেৱল ভোট বেংকৰ ৰাজনীতি কৰি অহাৰ বাবেই দক্ষিণ বৰপেটাৰ লক্ষাধিক লোকে আজিও চৰকাৰৰ উন্নয়নৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বুলি একাংশ লোকে ক’ব বিচাৰে । দক্ষিণ বৰপেটাৰ সামগ্ৰীক উন্নয়নৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।