Pakistan Temple : পাকিস্তানত ১২০০ বছৰৰ পুৰণি বাল্মীকি মন্দিৰ পুনৰুদ্ধাৰৰ সিদ্ধান্ত

1659585441 valmiki

দীর্ঘ আইনী যুঁজৰ পাছত পুনৰুদ্ধাৰ কৰা হৈছে পাকিস্তানত থকা ১২০০ বছৰ পুৰণি বাল্মীকি মন্দিৰ । বুধবাৰে পাকিস্তানৰ সংখ্যালঘুসকলৰ উপাসনাগৃহবোৰৰ তত্ত্বাৱধানৰ দায়িত্বত থকা সংস্থা ইভাকুই ট্রাষ্ট প্রপার্টি বোর্ড (ইটিপিবি)য়ে এই কথা সদৰী কৰিছে । পাকিস্তানৰ লাহৌৰৰ আনাৰকলি বজাৰৰ কাষত থকা বাল্মীকি মন্দিৰটো এটা খ্রিষ্টিয়ান পৰিয়ালে প্রায় ২০ বছৰ ধৰি জোৰজবস্তি দখল কৰি আছিল । অৱশ্যে ইটিপিবি-য়ে বিগত মাহত এই পৰিয়ালৰ পৰা মন্দিৰটো উদ্ধাৰ কৰে ।

ইটিপিবি-ৰ তৰফৰ পৰা জনোৱা হৈছে, এই খ্রিষ্টিয়ান পৰিয়ালৰ সদস্যসকলৰ দাবী আছিল যে তেওঁলোকে ধর্মান্তৰণৰ ফলত হিন্দু হৈছে । ইয়াৰ পাছৰ পৰা বিগত দুই দশক ধৰি তেওঁলোকে এই মন্দিৰৰ দখল লৈ ৰাখিছিল আৰু কেৱল মাত্র ‘বাল্মীকি’ বর্ণৰ হিন্দুসকলকেই মন্দিৰত পূজা কৰাৰ অধিকাৰ দিছিল । অৱশ্যে দীর্ঘ আইনী যুঁজৰ পাছত এই মন্দিৰ পুনৰুদ্ধাৰ কৰি সকলোকে প্রৱেশাধিকাৰৰ নির্দেশ দিছে আদালতে ।

ইটিপিবি মুখপাত্র আমিৰ হাছমিয়ে সংবাদ সংস্থা পিটিআইক জনাইছে, অতি শীঘ্রে মাষ্টাৰ প্লেন অনুযায়ী বাল্মীকি মন্দিৰ পুনৰুদ্ধাৰৰ কাম আৰম্ভ হ’ব । তেওঁ কয়, ‘‘মন্দিৰ দখলকাৰীসকলক উচ্ছেদ কৰাৰ পাছত বুধবাৰে প্ৰায় ১০০ জনৰো অধিক হিন্দু, শিখ আৰু খ্রিষ্টিয়ান সম্প্রদায়ৰ লোকক বাল্মীকি মন্দিৰত সন্মিলিত হয় । হিন্দুসকলে তেওঁলোকৰ ধর্মীয় আচাৰ-অনুষ্ঠান পালন কৰি ভোগৰ ব্যৱস্থাও কৰিছিল ।’’

ইটিপিবিৰ এজন কর্মকর্তাই জনাইছে, মন্দিৰৰ ভূমি ৰাজহ নথি অনুযায়ী এই মন্দিৰটো ইটিপিবিক হস্তান্তৰ কৰা হৈছিল । অৱশ্যে ২০১০ত এই খ্রিষ্টিয়ান পৰিয়ালে দাবী কৰে, এই মন্দিৰ আৰু মন্দিৰৰ কাষৰ ভূমিৰ মালিকীস্বত্ব তেওঁলোকৰ । এই নিয়ে দেৱানী আদালতত এটা গোচৰো ৰুজু কৰা হয় । অৱশ্যে শুনানিৰ শেষত খ্রিষ্টিয়ান পৰিয়ালৰ তৰফৰ পৰা ভুৱা গোচৰ কৰা হৈছে বুলি জনায় আদালতে ।

দেশ বিভাজন হোৱাৰ পাছত পাকিস্তান এৰি ভাৰতত গুচি অহাত শিখ আৰু হিন্দুৰ মন্দিৰ আৰু ভূমি পৰ্যবেক্ষণ কৰাৰ দায়িত্বত আছে ইটিপিবি । ইটিপিবি পাকিস্তানত মুঠ ২০০টা গুৰুদ্বাৰ আৰু ১৫০টা মন্দিৰৰ তত্ত্বাৱধানৰ দায়িত্বত আছে ।

প্রসংগত, ১৯৯২ত ভাৰতত বাবৰি মছজিদ ধ্বংসৰ পাছত, লাহৌৰৰ বিক্ষুব্ধ জনতা বাল্মীকি মন্দিৰত আক্ৰমণ কৰে বুলি অভিযোগ । কৃষ্ণ আৰু বাল্মীকিৰ মূর্তিবোৰ ভাঙি মূর্তি আৰু সোণো লুট কৰে । ইয়াৰ পাছতে মন্দিৰটোত জুই লগাই দিয়া হয় । ইয়াৰ ফলত ওচৰ-ওচৰ-পাজৰৰ বহু দোকানতো জুই লাগি যায় আৰু এই জুই নোমোৱাবলৈ কে’বাদিনো লাগিছিল ।

Exit mobile version