COVID-19 : ক’ভিড আপডেট

covid test 1658727675

দেশত পুনৰ বৃদ্ধি পালে কৰ’না ভাইৰাছৰ সংক্রমণ । বৃহস্পতিবাৰৰ তুলনাত শুকুৰবাৰে দৈনিক সংক্রমণৰ লেখচিত্র ঊর্ধ্বমুখী । সংক্রমণৰ লগতে বাঢ়িল দৈনিক মৃত্যুৰ সংখ্যাও ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ সংক্রমিত হৈছে ২০ হেজাৰ ৫৫১ জন । বৃহস্পতিবাৰে এই সংখ্যা আছিল ১৯৮৯৩ । এদিনত দেশত কৰ’নাত মৃত্যু হৈছে ৭০ জনৰ । কালি এই সংখ্যা আছিল ৫৩ ।

সম্প্ৰতি দেশত মুঠ কৰ’না ৰোগীৰ সংখ্যা এক লাখ ৩৫ হেজাৰ ৩৬৪ । দেশত মুঠ মৃতৰ সংখ্যা পাঁচ লাখ ২৬ হেজাৰ ৬০০ । দৈনিক সংক্রমণৰ হাৰ ৫.১৪ শতাংশ । বিগত ২৪ ঘণ্টাত দেশত ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ২১ হেজাৰ ৫৯৫ জন । দেশত সুস্থতাৰ হাৰ ৯৮.৫০ শতাংশ ।

Exit mobile version