ভৱানীপুৰত ৯২ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ

WhatsApp Image 2022 08 06 at 7.11.32 PM

ভৱানীপুৰত আজি আৰক্ষীয়ে ব্যাপক পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ লগতে গাঞ্জা মজুত কৰি ৰখা এজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে নলবাৰীৰ আৰক্ষীৰ খবৰৰ ভিত্তিত ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিকাশজ্যোতি ডেকাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই দিনৰ তিনি বজাত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মুখত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত কৈলাশ দাসৰ চাহ দোকানৰ পাছফালে থকা গুডাম ঘৰৰ পৰা ৯২.৫৫ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে ।

গাঞ্জাখিনি নটা পলিথিনৰ পেকেটত মজুত কৰি ৰাখিছিল । লগতে গাঞ্জা মজুত কৰি ৰখা চাহ দোকান তথা গুডামৰ মালিক কৈলাশ দাসকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

জব্দ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় পাঁচ লাখ টকা মূল্যৰ হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

Exit mobile version