বিজেপিৰে সম্পৰ্ক ছেদ জেডিইউৰ, পদত্যাগৰ বাবে সাজু নিতীশ কুমাৰ

IMG 20220809 WA0013

আৰজেদিৰে মিত্ৰতাত পুনৰ বিহাৰত নিতীশ কুমাৰ চৰকাৰ !

বিজেপি নেতৃত্বাধীন এন ডিৰে সম্পৰ্ক চিন্ন কৰাৰ বাবে সাজু নিতীশ কুমাৰৰ জে ডি ইউ৷ ইতিমধ্যে পাটনাত ৰাজনৈতিক পট পৰিৱৰ্তনৰ বাবে সাজু হৈছে তেজস্বী যাদৱ নেতৃত্বাধীন আৰ জেডি৷নিতীশ কুমাৰৰে মিলি কংগ্ৰেছ আৰু বাও দলৰ সমৰ্থনত এখন প্ৰগতিশালী চৰকাৰ গঠনৰ বাবে ইতিমধ্যে দুয়োপক্ষৰ মাজত অনুষ্ঠিত হৈছে বৈঠক৷

এনে ঘটনাক্ৰমৰ মাজতে আজি বিয়লী ৪ বজাত নিতীশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ একেদৰে আৰ জেডি ,কংগ্ৰেছ ,বাওঁদল আৰু এইছ এ এম ৰ বিধায়কৰ সমৰ্থনৰে নতুন চৰকাৰ গঠনৰ বাবে দাবী উদ্থাপন কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী জনে৷

দুপৰীয়া ভাগত প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱৰী দেৱীৰ বাসগৃহত আৰ জে দিৰ জ্যেষ্ঠ নেতা- বিধায়কৰে মিলিত হয় বিধায়িনী দলপতি তেজস্বী যাদৱ৷তাৰ পিছতে দৃশ্যপট সলনি হয় বিহাৰৰ ৰাজনীতি৷ বিশেষ সূত্ৰে জানিব পৰা মতে নিতীশ কুমাৰে মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ লোৱাৰ বিপৰীতে তেজস্বী যাদৱ হ’ব উপ-মুখ্যমন্ত্ৰী৷

উল্লেখ্য যে ২৪৩ জনীয়া বিহাৰ বিধানসভাত চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ হৈছে ১২২৷এন ডিৰে মিত্ৰতাত বিজেপি ৭৭,জেডি ইউ ৪৫ আৰু এইছ এ এম ৪ সমৰ্থনত মুঠ আসন আছিল ১২৬৷

শেহতীয়াকৈ এন ডি এ সম্পৰ্ক ছিন্ন কৰাৰ পিছত জেডিইউ ৪৫,আৰ জে ডি ৭৯,কংগ্ৰেছ ১৯, বাওঁদল১৫ আৰু এইছ এএম ৪ ক লৈ মুঠ আসন হয়গৈ ১৫৯৷ অৰ্থাৎ মেজিক সংখ্যা অতিক্ৰম কৰি ২৭ আসন বেছি হয় আৰ জে ডি-জে ডি ইউ যৌথ মৰ্চাৰ৷

মনকৰিবলগীয়া যে ২০২৪লোকসভা আৰু ২০২৫ ৰ ৰাজ্য বিধানসভা নিৰ্বাচনত আৰজেডিৰে মিত্ৰতা কৰাৰ পক্ষপাতী দুয়োটা দল৷ আনকি সোমবাৰে ছোনীয়া গান্ধীৰে টেলিফোনিক বাৰ্তালাপ হৈ যায় নিতীশ কুমাৰৰ৷

বিজেপিৰে সম্পৰ্ক ছিন্ন কৰাৰ মুল কেন্দ্ৰবিন্দু আছিল জে ডি ইউৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰ চি পি সিং৷ সিংক আঁৰৰ পৰা সমৰ্থন দি আহিছিল বিজেপিয়ে৷ যাৰবাবে খড়্গগস্ত হৈ পৰিছিল মুখ্যমন্ত্ৰী নিতীশ কুমাৰ৷ আনকি ৰাজ্যসভাৰ নিৰ্বাচনত পুনৰাই জে ডি ইউদলৰ পৰা প্ৰাৰ্থীত্ব দিয়া নাছিল সিঙক ৷ পিছত মোডী কেবিনেটৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয় আৰ চি পি সিং ৷ বিজেপিয়ে জে ডি ইউ দলৰ মাজত বিসম্বাদ সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ কৰি নিতীশ কুমাৰে ক্ৰমাৎ দুৰত্ব বৃদ্ধি কৰি অৱশেষত আৰজেডিৰে মিলি চৰকাৰ গঠনত উঠি পৰি লাগে ৷

এতিয়া ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ দৃষ্টি নিক্ষেপ হৈ আছে ৰাজভৱন৷ ৰাজ্যপালক সাক্ষাৎ কৰি নিতীশ কুমাৰৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব৷

শেহতীয়া খবৰ অনুসৰি নিতীশ কুমাৰ কেবিনেটত থকা বিজেপিৰ সকলো মন্ত্ৰীয়ে পদত্যাগৰ বাবে সাজু হৈছে ৷

Exit mobile version